ৰিমিৰ শালিকীজনী – স্বাগতা বৰুৱা গোস্বামী

ৰিমিৰ শালিকীজনী

স্বাগতা বৰুৱা গোস্বামী

ভাদ মাহটো আমাৰ অসমীয়া মানুহৰ বৰ প্ৰিয় আৰু তাতোকৈও প্ৰিয় আমাৰ পপীৰ।ভাদ মাহটোত মাধবদেৱৰ তিথি ,শঙ্কৰদেৱৰ তিথি,জন্মাষ্টমী এইদৰে বিদ্যালয়সমূহত বহুত বন্ধ পাই।পপীৰ মাক দেউতাক দুয়ো চৰকাৰী চাকৰিয়াল।পপীৰ গৰম বন্ধটোত এইবাৰ ক’লৈকো যোৱা নহ’ল।সেইবাবে এইবাৰ মাধৱদেৱৰ তিথি আৰু জন্মাষ্টমী একেলগে পৰাত মাজত দেওবাৰটো সোমাই যোৱাৰ বাবে তিনিদিন একেলেঠাৰিয়ে বন্ধ পাইছে। মাক দেউতাকহঁতেও তাৰ লগত দুদিন চুটি লৈ নগাঁৱৰ গাঁৱৰ ঘৰলৈ যোৱাৰ কথা চিন্তা কৰিছে।তাকে শুনি পপীৰ মনত আনন্দৰ সীমা নাইকিয়া হৈছে।তাতে তাই তাত খুড়াকৰ ছোৱালী ৰিমিক লগ পাব।

পপীহঁতৰ গাওঁখন নগাঁৱৰ টাউনৰ পৰা ছয় সাত কি:মি মান নিলগত।গাঁৱখনলৈ অহা-যোৱা কৰিবলৈ প্ৰথমে যাতায়ত ইমান সুচল নাছিল কিন্তু বৰ্তমানে ১২৬ ফুট উচ্চতাৰ এচিয়াৰ সৰ্ববৃহৎ লিঙ্গাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত হোৱাৰ পৰা যোগাযোগ,যাতায়ত আদি ব্যৱস্থা বোৰ ভাল হৈ আহিছে।কিন্তু গাওঁ গাওঁ লগা মাদকতা খিনিযেন বহু পৰিমানে কমি গৈছে যিকি নহওঁক গাওঁখনৰ বহু লোকে হোটেল,দোকান দি জীবিকাৰ পথ উলিয়াই লৈছে।দিনটোত গাড়ী,বাইক,টেম্পু,ই-ৰিস্কা আদিৰ অবাধ চলাচল।তথাপিও নগৰতকৈ বহু পৰিমাণে প্ৰদুষণ মুক্ত।

শুক্ৰবাৰৰ দিনা ৰাতিপুৱাই তেওঁলোক আটাইকেইজন গুৱাহাটীৰ পৰা ন গাঁওলৈ বুলি ৰাওনা হৈছে।নিৰ্দিষ্ট সময়ত হাইৱেৰ পৰা গাৱৰ অভিমূখে যোৱাৰ ৰাষ্টাইয়েদি সোমাই আহিছে।সোমাইয়েই যেন চাৰিওফালৰ সেউজীয়াখিনিয়ে মনটো ফৰকাল কৰি পেলাইছে আটাইৰে।সেউজীয়াৰ মাজে মাজে আহি আহি তেওঁলোক ঘৰ পালেহি।ঘৰখন যেন পপীৰ লগতে পপীৰ মাক দেউতাকহঁতৰো বৰ প্ৰিয়।তেওঁলোকৰ পুৰণা ঘৰটো আজু ককাকৰ দিনৰে।অসম আৰ্হিৰ এটা প্ৰকাণ্ড ঘৰ যিটো ঘৰৰ লাইটৰ বৰ্ডখনেই সহজতে ঢুকি নাপাই। আগফালৰ ফুলনি পিছফালে পুখুৰী,শাক-পাছলিৰ বাৰীৰে সৈতে এখন সুন্দৰ ঘৰ।ঘৰ পাই ভৰি হাত ধুই সকলোৱে একেলগে ভাত পানী খাই অলপ জিৰণি ল’লে।আইতাকে পিছে জিৰণি ল’বলৈ যোৱা নাই কাৰণ আবেলি নামঘৰলৈ যাব লাগিব।এইকেইদিন গোটেই গাওঁ হৰিধ্বনিৰে মুখৰিত হৈ আছে।পপী আৰু ৰিমিও আইতাকৰ লগতে নামঘৰলৈ যোৱাৰ ধাণ্ডাত জিৰণি নাইলোৱা।লগ পোৱাৰ পৰা দুয়োৰ কথাৰ অন্ত নাইহোৱা।কথা মতেই কাম নিৰ্দিষ্ট সময়ত পপী আৰু ৰিমিও ওলাইছে আইতাকৰ লগত যাবলৈ।নঙলাডাল খুলিবলৈ লৈ ৰিমিয়ে তাহাতৰ সাচিঁগছজোপাতে বাহ পাতি থকা শালিকা কেইটাক পপীক চিনাকি কৰি দিছে।এইজনী মোৰ আৰু তোমালোকৰ বা দেই।আমি নামঘৰৰ পৰা আহি তোমালোকৰ লগত খেলিম আৰু তোমালোকলৈ মগু লৈ আনিম দেই বুলি কৈ নামঘৰলৈ ৰাওনা হ’ল।

পিছদিনা ৰাতিপুৱাই সকলো মন্দিৰলৈ যাবলৈ ওলাতেই এখন তীব্ৰ বেগী গাড়ীয়ে আহি ৰিমিৰ মৰমৰ শালিকিজনীক খুন্দিয়াই থৈ গুছি গ’ল।লগালগ শালিকিজনী চটফটাই ৰাস্তাত বাগৰি পৰিলে ।ইফালে ৰিমি আৰু পপীৰ চিঞৰ বাখৰ লাগিল।পপীৰ দেউতাকে গাড়ীত থকা পানী বটলৰ পৰা তাইক পানী খুৱাই দি লগা লগ ওচৰতে থকা পশু চিকিৎসালয় খনলৈ লৈ গ’ল।তাত তাইক ডাক্তৰে সু চিকিৎসা আগবঢ়ালে।ভঙা ভৰিখনত প্লাষ্টাৰ কৰি দিলে।এতিয়াহে যেন তাহাত দুইজনীয়ে সুন্দৰ কৈ উশাহটো লৈছে।তাৰপিছত ঘৰলৈ লৈ আহি শালিকিজনীক সেইদিনা দুপৰীয়া তাহাতৰ বাৰান্দাখনতে ৰাখিলে,সিফালে শালিকিজনীক নেদেখি শালিকাটোৱে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে।তাৰ অৱস্থা দেখি বেয়া লাগি পপীৰ দেউতাকে শালিকিজনীক আলফুলে বাহটোত থৈ আহিলগৈ।তেনেতে শালিকাটো পুনৰ বাহলৈ আহি শালিকিজনীক দেখি যেন তাৰ চকুৰ পৰা আনন্দতে লোটক বাগৰি আহিছে তাৰপিছত দুয়ো নিজৰ মাজতে নিজৰ ভাষাত বহু কথা পাতিছে।তাহাতৰ আনন্দ দেখি পপীৰ দেউতাকে পপী আৰু ৰিমিক মাতি আনিছে আৰু দুয়োজনীকে বুজাইছে আমি যেনেকৈ মানুহৰ প্ৰতি সহানুভূতিশীল ঠিক তেনেদৰেই প্ৰানী বা পক্ষীকূল সমূহৰ প্ৰতিও সহানুভূতিশীল হোৱাৰ দৰকাৰ।বিনাকাৰণত তেওঁলোককো মাৰিব নাপাই আৰু কাৰণ তাহাতৰো জীয়াই থকাৰ অধিকাৰ আছে।তাৰোপৰি যান বাহন চলোৱাৰ সময়ত তীব্ৰ গতিবেগ সকলোৰে বাবে হানিকাৰক বুজিলা এতিয়া আইতাৰ লগত নামঘৰলৈ যোৱা তাৰপৰা অহাৰ পিছত আমি মৃত্যুঞ্জয় মন্দিৰলৈ গধূলিৰ আৰতি চাবলৈ যাম দেই।