ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ!! – নাছিৰ আহমেদ

Pc Shutterstock

ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ!!

নাছিৰ আহমেদ,
শিমলাবাৰী গোৱালপাৰা

ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ!
ঢোল বাজে, বাজে পেঁপা , বাজে মৃদংখোল ;
জিৰ জিৰ বতাহ জাকে
চেঁচা আলিঙ্গন যাঁচে ।
ভজো মন , ভজো প্ৰাণ
শ্ৰী মতী ৰাধেৰ শাৰীৰ আঁচল কঁপে !
অ’ মেঘ কাজল-সনা মেঘ
নয়ন-যুগলত সানি দিয়া ক’লা মেঘ ,
মেঘে ঢাকা আকাশত তৰা ধিমিক-ধামাক জ্বলে !

ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ !
দুৰৈৰ পৰা ভাঁহি আহে ঝুমুৰ নৃত্যৰ মাদলৰ মাত!!
কদম গছত বহি শ্যাম কাণু বজায় মোহন বাঁহী
” যমুনা নদীৰ পানী যেনে নীলা
মোৰ কালাৰ আঁখি দুটি তেনে “

ৰিমজিম ৰিমজিম ৰিমজিম বৰষুণ ————
সুৰে- সুৰে , ছন্দে-ছন্দে সংগীতৰ লহৰ তোলে ;
ফল- ফুল-পত্ৰে পত্ৰে অংকিত হয়
শ্বিৰী-ফৰহাদ, ইউচফ-জুলেখা , লায়লা-মজনু
ডান্টে-বিয়েট্ৰিচ আৰু সত্যবান – সাবিত্ৰীৰ নাম।
ভজো মন, ভজো প্ৰাণ
সৰ্ব্ব শৰীৰেদি বৈ যাওক ৰিমজিম ৰিমজিম বৰষুণ