ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্যক কংগ্ৰেছৰ গৰিহণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী। নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰী কাম-কাজক সমালোচনা কৰা বাবেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৱাৰ ৰুমত কাম কৰা ৰিতম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চৰকাৰৰ নীতি আৰু কৰ্মসূচীক সমালোচনা কৰাৰ অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত আৰক্ষীয়ে এনেদৰে বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ চলোৱা অপচেষ্টাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই গৰিহণা দিছে। বৰাই এক বিবৃতিত ৰিতম সিং নামৰ অধিবক্তা যুৱকজনক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী বুলিও উল্লেখ কৰে। ৰিতম সিঙক শীঘ্ৰে মুকলি কৰি দিয়াৰো দাবী জনাই ভূপেন কুমাৰ বৰাই।