ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) কি? আপুনি ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ পৰা কেনেদৰে লাভান্বিত হ’ব? –  ড° দিলোৱাৰ হক 

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) কি? আপুনি ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ পৰা কেনেদৰে লাভান্বিত হ’ব?

 ড° দিলোৱাৰ হক 

এনএছচিৰ (NSC) অৰ্থ হৈছে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ। ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এক সঞ্চয় আঁচনিৰ প্ৰমাণপত্ৰ যাক ভাৰতত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকে ভাৰতৰ যিকোনো ডাকঘৰৰ পৰা ক্ৰয় কৰিব পাৰে। ভাৰতত বসবাস কৰা কোনো এজন প্ৰাপ্তবয়স্ক ভাৰতীয় নাগৰিকে তেওঁৰ নিজৰ নামত ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰে। ইয়াৰোপৰি অভিভাৱক হিচাপে তেওঁ কোনো এজন নাবালকৰ নামত বা মানসিকভাৱে অসুস্থ ব্যক্তিৰ নামতো ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰিব। ১০ বছৰ বয়সত উপনীত হোৱা এজন নাবালকে তেওঁৰ নামত ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰে। এই আঁচনিৰ অধীনত সৰ্বাধিক তিনিজন প্ৰাপ্তবয়স্ক ব্যক্তি লগ হৈ যৌথ একাউণ্টৰ ৰূপত ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰে। কিন্তু অনাবাসী ভাৰতীয় [(এনআৰআই) (NRI)], ট্ৰাষ্ট আৰু হিন্দু অবিভক্ত পৰিয়াল [(এইচইউএফ) (HUF)] এই আঁচনিৰ অধীনত একাউণ্ট খুলিব নোৱাৰিব আৰু ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব নোৱাৰিব। কেৱল ভাৰতীয় বাসিন্দাই এনএছচি প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰে। ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (এনএছচি) আচঁনিৰ অধীনত প্ৰমাণপত্ৰ নগদ ধন বা চেকৰ দ্বাৰা ক্ৰয় কৰিব পাৰে। নগধ ধনৰ ক্ষেত্ৰত ধন জমা কৰাৰ তাৰিখ একাউণ্ট খোলাৰ তাৰিখ। কিন্তু চেকৰ ক্ষেত্ৰত, একাউণ্টত চেক প্ৰাপ্ত কৰাৰ তাৰিখ একাউণ্ট খোলাৰ তাৰিখ। 

কিমান টকাৰ সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰিব?

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ অধীনত নূন্যতম ,০০০ টকাৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিব লাগিব। অৰ্থাৎ নিম্নতম জমাৰ পৰিমাণ হৈছে ,০০০ টকা। সৰ্বাধিক জমা টকাৰ পৰিমাণৰ ক্ষেত্ৰত কোনো নিৰিখৰ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে সৰ্বোচ্চ পৰিমাণৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে যিমান ইচ্ছা সিমান পৰিমাণৰ টকাৰ সঞ্চয়ৰ প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰিব মাথোন জমাৰ পৰিমাণ ১০০ টকাৰ গুণিতকত লাগিব। উদাহৰণ স্বৰূপে, ,১০০ টকা, ,২০০ টকা, ,৩০০ টকা, ,৪০০ টকা ইত্যাদি। কোনো এজন ব্যক্তিয়ে যিকোনো সংখ্যক এনএছচি প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰে। সংখ্যাৰ ক্ষেত্ৰতো কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই।

এন.এছ.চি.- পৰিপক্কতাৰ ম্যাদ: ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ পৰিপক্কতা লাভৰ ম্যাদ হৈছে বছৰ। একাউণ্ট খোলাৰ তাৰিখৰ পৰা বছৰ পূৰ্ণ হোৱাৰ দিনাই ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ পৰিপক্কতা লাভ কৰে আৰু সঞ্চয় প্ৰমাণপত্ৰৰ ক্ৰেতাই বছৰৰ শেষত ডাকঘৰত প্ৰমাণপত্ৰ দাখিল কৰি ম্যাদপুৰ্তিৰ পৰিমাণ (জমাৰ পৰিমাণ + উপাৰ্জন কৰা সূত) ডাকঘৰৰ পৰা ঘূৰাই পাব। আগতে, ১০ বছৰৰ এনএছচিও আছিল। কিন্তু, ইয়াক ২০১৫ চনৰ ২০ ডিচেম্বৰৰ পৰা বন্ধ কৰা হৈছে।

সূতৰ হাৰ (%): এন.এছ.চি.- অধীনত বৰ্তমানৰ বাৰ্ষিক সূতৰ হাৰ হৈছে .৭০ % এন.এছ.চি.- সমগ্ৰ কাৰ্যকালত অৰ্থাৎ একাউণ্ট খোলাৰ দিনৰ পৰা পৰিপক্কতা লাভ কৰালৈকে সূতৰ হাৰ একে থাকিব। এবাৰ সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰাৰ পিছত সূতৰ হাৰত পৰিৱৰ্তন লেও ইতিমধ্যেই ক্ৰয় কৰা প্ৰমাণপত্ৰবোৰৰ সূতৰ হাৰ সলনি নহব। সেয়ে এই আচঁনিৰ অধীনত আয় উপাৰ্জনৰ নিশ্চয়তা থাকে। ২০১৬ চনৰ এপ্ৰিল তাৰিখৰ পৰা এই আঁচনিৰ সূতৰ হাৰ তিনিমহীয়া ভিত্তিত ঘোষণা কৰা হৈছে। পূৰ্বে সূতৰ হাৰ বাৰ্ষিক ভিত্তিত ঘোষণা কৰা হৈছিল।

আয়কৰ লাভালাভ: ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰৰ আঁচনিৰ অধীনত আয়কৰৰ হিচাপত কিছুমান সুবিধা লাভ কৰিব পাৰে। ২০২০ চনৰ  এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা নিয়ম অনুসৰি আপুনি পুৰণি কৰ প্ৰণালী বা নতুন কৰ প্ৰণালী বাছনি কৰিব পাৰিব আৰু এই বাছনি কৰা কৰ প্ৰণালীৰ ওপৰত আয়কৰ লাভালাভ নিৰ্ভৰ কৰিব।

যদিহে পুৰণি কৰ প্ৰণালী বাছনি কৰে তেন্তে  . লাখ টকালৈকে জমাৰ পৰিমাণ আয়কৰ আইনৰ ধাৰা ৮০গ (80C)- অধীনত কৰ কৰ্তনৰ বাবে যোগ্য ব। লগতে উপাৰ্জিত বাৰ্ষিক সূতঅন্যান্য উৎসৰ পৰা উপাৰ্জনশাখাৰ অধীনত ঘোষণা কৰা প্ৰয়োজন, যিটো কৰমুক্ত ব।

এই আঁচনিত প্ৰাপ্ত বাৰ্ষিক সূত আয়কৰ আইনৰ ধাৰা ৮০গ অধীনত পুনৰ বিনিয়োগ কৰা বুলি বিবেচনা কৰা হয় আৰু সেয়েহে কৰ কৰ্তনৰ বাবে যোগ্য। সেয়েহে, “আন উৎসৰ পৰা উপাৰ্জনআৰুধাৰা ৮০গ অধীনত কৰ্তনইজনে সিজনক বাতিল কৰে আৰু এই আঁচনিখনৰ সূতৰ ওপৰত কৰমুক্ত কৰে। কেৱল শেষৰ বছৰত (৫ম বছৰ) উপাৰ্জন কৰা সূত কৰযোগ্য হয়, কিয়নো ইয়াক পুনৰ বিনিয়োগ কৰা নহয় আৰু ইয়াক বিনিয়োগকাৰীক ঘূৰাই দিয়া হয়। ডাকঘৰৰ দ্বাৰা এই আঁচনিৰ অধীনত উৎসত কৰ কৰ্তন (TDS) কৰাৰ ব্যৱস্থা নাই।

কিন্তু, যদিহে নতুন কৰ প্ৰণালী বাছনি কৰিছে তেন্তে সঞ্চয়ৰ প্ৰমাণপত্ৰৰ ক্ৰেতাই আয়কৰৰ হিচাপত কোনো লাভালাভ নাপাব। জমাৰ পৰিমাণে আয়কৰ আইনৰ ধাৰা ৮০গ অধীনত কোনো কৰ্তনৰ লাভালাভ নাপাব। লগতে ম্যাদপুৰ্তিৰ সময়ত সূতৰ পৰিমাণ কৰযোগ্য ব। কৰ ৰিটাৰ্ণৰ সময়ত আপোনাকআন উৎসৰ পৰা উপাৰ্জন অধীনত সূতৰ পৰিমাণ ঘোষণা কৰিব লাগিব আৰু আপোনাৰ আয়কৰ শ্লেব অনুসৰি আয়কৰ পৰিশোধ কৰিব লাগিব।

এনএছচিৰ পূৰ্বপৰিপক্ক সমাপ্তি: আপুনি ম্যাদপুৰ্তিৰ ম্যাদৰ আগতে এনএছচি পূৰ্বপৰিপক্কভাৱে বন্ধ কৰিব পাৰে। কিন্তু, ইয়াক কেৱল নিম্নলিখিত বিশেষ পৰিস্থিতিত হে অনুমতি দিয়া হয়:

) যুটীয়া ধাৰকৰ ক্ষেত্ৰত একাউণ্ট ধাৰকৰ মৃত্যু লে বন্ধ কৰিব পাৰিব। আৰু 

) যেতিয়া আদালতৰ দ্বাৰা আদেশ দিয়া হয়।

আগতে এন.এছ.চি. পূৰ্বপৰিপক্কভাৱে বন্ধ কৰিবলৈ প্ৰমাণপত্ৰ ক্ৰয়ৰ ভৌতিক প্ৰমাণপত্ৰ সমৰ্পণ কৰিব লগা হৈছিল। কিন্তু ২০১৬ চনৰ জুলাইৰ পিছত ক্ৰয় কৰা এনএছচিৰ বাবে, আপুনি আপোনাৰ এনএছচি প্ৰাকপৰিপক্কভাৱে বন্ধ কৰিবলৈ এনএছচি পাছবুক সমৰ্পণ কৰিব লাগিব। ডাকঘৰে পাছবুকসংগ্ৰহ কৰিব আৰু ক্ৰেতাই পাবলগীয়া চূড়ান্ত পৰিমাণৰ ধন ঘূৰাই দিব।

ঋণৰ সুবিধা: আপুনি বেংকৰ পৰা ঋণ পাবলৈ এনএছচি প্ৰমাণপত্ৰক জামানত সুৰক্ষা হিচাপে ব্যৱহাৰ কৰিব পাৰে। বেংকৰ পৰা ঋণ পাবলৈ আপুনি বেঙ্কত ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ বা পাছবুক দাখিল কৰিব লাগিব অথবা প্ৰতিশ্ৰুতি দিব লাগিব।

এনএছচি একাউণ্ট স্থানান্তৰ: এনএছচি প্ৰমাণপত্ৰবোৰ এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ স্থানান্তৰ কৰিব পাৰি। লগতে এনএছচিৰ প্ৰমাণপত্ৰ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈও স্থানান্তৰ কৰিব পাৰি। কিন্তু, ইয়াক সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰা তাৰিখৰ পৰা পৰিপক্কতাৰ তাৰিখলৈ কেৱল এবাৰহে কৰিব পাৰি। আগতে, স্থানান্তৰ প্ৰক্ৰিয়াৰ সময়ত পুৰণি গৰাকীৰ ভৌতিক প্ৰমাণপত্ৰ নতুন গৰাকীক দিয়া হৈছিল। কিন্তু, ২০১৬ চনৰ জুলাইৰ পিছত ক্ৰয় কৰা এনএছচি স্থানান্তৰ কৰিবলৈ, পুৰণি গৰাকীয়ে পাছবুক দাখিল কৰিব লাগে। ডাকঘৰে পুৰণি মালিকৰ প্ৰবিষ্টিবোৰ প্ৰত্যাহাৰ কৰিব আৰু তেওঁৰ ঠাইত নতুন গৰাকীক একেখন পাছবুক জাৰী কৰিব।

মনোনয়ন সুবিধা: ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ অধীনত মনোনয়নৰ সুবিধা উপলব্ধ হয়। আপুনি প্ৰমাণপত্ৰ ক্ৰয় কৰাৰ সময়ত বা প্ৰমাণপত্ৰ ক্ৰয় কৰাৰ পিছত কিন্তু পৰিপক্কতাৰ আগতে মনোনীত কৰিব পাৰে। প্ৰকৃত ক্ৰেতাৰ মৃত্যু লে মনোনীত ব্যক্তিয়ে সঞ্চয়ৰ ধন ঘূৰাই পাব। 

লাভালাভৰ উদাহৰণ: এন.এছ.চি.- বছৰি .৭০ শতাংশ সূতৰ হাৰৰ সৈতে ,০০,০০০ টকাৰ একমুঠ জমা ৰখাৰ বিনিয়োগে আপোনাক বছৰৰ পিছত ,৪৪,৯০৩.৪১ টকা প্ৰদান কৰিব। সেয়েহে, আপুনি বছৰত মুঠ ৪৪,৯০৩.৪১ টকা উপাৰ্জন কৰিছে। এই আঁচনিৰ অধীনত কৰা সঞ্চয় এক সুৰক্ষিত বিনিয়োগ কাৰণ ইয়াত এক নিদিৰ্ষ্ট সুতৰ হাৰত নিশ্চিত আয়ৰ প্ৰতিদানৰ লগতে জমা কৰা সঞ্চয়ৰ সম্পূৰ্ণ টকা পৰিপক্কতাৰ সময়ত সুতেমূলে ঘূৰাই পায়।

যিহেতুকে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ অধীনত কৰা সঞ্চয় এক সুৰক্ষিত আৰু কৰমুক্ত আয় উপাৰ্জনৰ উৎস, গতিকেই এই আঁচনিৰ অধীনত সকলোৱেই লাভান্বিত ব। বিশেষকৈ নিম্ন আয়ৰ উপাৰ্জনকাৰীসকলে তেওঁলোকৰ ক্ষুদ্ৰ সঞ্চয়ৰ যোগেদি এই আঁচনিত অংশ গ্ৰহণ কৰিব লাগে, কাৰণ এই দৰে কৰা ক্ষুদ্ৰ সঞ্চয়ৰ যোগেদি তেওঁলোকৰ আৰ্থিক দিশত টনকীয়াল হোৱাৰ সুযোগ লাভ কৰিব।