ৰাষ্ট্ৰীয় শিক্ষা দিৱস – বন্দিতা শৰ্মা কন্দলি

ৰাষ্ট্ৰীয় শিক্ষা দিৱস

বন্দিতা শৰ্মা কন্দলি

প্ৰতি বছৰে ১১ নৱেম্বৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়।১৮৮৮ চনৰ ১১ নৱেম্বৰত চৌদি আৰবৰ মক্কাত জন্ম গ্ৰহণ কৰা স্বাধীন ভাৰতৰ প্ৰথমজনা শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিনটোত তেখেতৰ কৰ্মৰাজীৰ প্ৰতি সন্মান জনাই ২০০৮ চনৰ পৰা মানৱ সম্পদ মন্ত্ৰালয়ৰ অনুমোদন ক্ৰমে ১১ নৱেম্বৰত ‘ৰাষ্ট্ৰীয় শিক্ষা দিৱস ‘ পালন কৰি অহা হৈছে।

কালামৰ সম্পূৰ্ণ নামটো হৈছে মৌলানা আবুল কালাম গোলাম মুহিউদ্দিন আহমেদ বিন খাইৰুদ্দিন আল হুচেইনী আজাদ। মৌলানা আজাদ হিচাপেহে তেওঁ জনাজাত। তেওঁৰ পিতৃ আছিল মহম্মদ খাইৰুদ্দিন আৰু মাতৃ আছিল শ্বেইখ আলেয়া বেগম। তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে ঘৰতে উৰ্দু ,পাৰ্চী, আৰবী, হিন্দী শিকি সাহিত্য, দৰ্শন আৰু ধৰ্ম আদিত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল।আজাদে দিল্লীত থাকিহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ ১২ বছৰ বয়সতে ‘নৈৰংগ ই আলম’ নামৰ একমাত্ৰ কবিতা পুথি খন প্ৰকাশ পায় । ‘মাখজান’ নামৰ আলোচনী খনতে তেওঁৰ প্ৰথম প্ৰৱন্ধ প্ৰকাশ পায়। তেওঁ মুঠ ২২ খন পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত ‘অনমনীয় জাতীয়তাবাদী’, ‘ইণ্ডিয়া উইন্ ছ ফ্ৰীডম ‘ ‘তৰ্জুমন -উল-কোৰান’ আৰু আত্মজীৱনী খনেই উল্লেখযোগ্য।

গান্ধীজীৰ সংস্পৰ্শলৈ আহি তেওঁ স্বাধীনতা আন্দোলন, সত্যাগ্ৰহ আন্দোলন, গান্ধীৰ দণ্ডিযাত্ৰা আদিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি কাৰাবৰণ খাটিবলগীয়া হৈছিল।১৯২০ চনত তেওঁ প্ৰথম জাতীয় কংগ্ৰেছত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে।১৯২৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। দেশৰ সেৱাত আত্মনিয়োগ কৰা বহুলোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰা ভাৰতৰ প্ৰথমজনা শিক্ষামন্ত্ৰী হৈ মৌলানা আজাদে প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া হোৱাটো গুৰুত্ব দিছিল। তেওঁ বিদ্যালয়সমূহক দেশৰ মানৱ সম্পদ গঢ়াৰ কাৰখানা বুলি অভিহিত কৰিছিল। সেয়ে তেওঁ শিশু শিক্ষা, ছোৱালীৰ শিক্ষা, দুখীয়া শ্ৰেণীৰ শিক্ষা আৰু সকলোৰে বাবে শিক্ষাৰ অধিকাৰ পোষকতা কৰিছিল। তেখেতে শিক্ষাৰ মানদণ্ড উন্নত হোৱাতো বিচাৰিছিল। তেওঁৰ দিনতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি, বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ, স্কুল প্লেনিং এণ্ড আৰ্কিটেক্সাৰ আদি গঠন কৰিছিল। সেয়ে তেওঁক আধুনিক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাটকটীয়া বুলি কোৱা হয়। এইজনা মহান ব্যক্তিৰ ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত মৃত্যু হয়। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯২ চনত মৰণোত্তৰভাৱে ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’ বঁটা ৰে ভাৰত চৰকাৰে সন্মানিত কৰে।