ৰাষ্ট্ৰীয় পথ-সুৰক্ষা সপ্তাহ উপলক্ষে মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ বিশেষ সজাগতা অনুষ্ঠান

ৰাষ্ট্ৰীয় পথ-সুৰক্ষা সপ্তাহ উপলক্ষে মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ বিশেষ সজাগতা অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ মাই ভাৰত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰততে আৰম্ভ কৰা ৰাষ্ট্ৰীয় পথ-সুৰক্ষা সপ্তাহৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পৰিবহণ বিভাগৰ সহযোগত ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উপ সঞ্চালক প্ৰমথেশ চক্ৰৱৰ্তীয়ে। চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ ʼমাই ভাৰতʼ অভিযানৰ এই পথ সুৰক্ষা সপ্তাহ এক জনজাগৰণ। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ-প্ৰজন্মৰ মাজত পথ-সুৰক্ষা সজাগতাক অভ্যাসত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজনৰ কথা উল্লেখ কৰে।মহানগৰীৰ আৰ্য বিদ্যাপীঠত মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ সজাগতা সভাত মুখ্য অতিথি হিচাপে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে গুৱাহাটী পৌৰ নিগমৰ ৩১ নং মহলাৰ পাৰিষদ ৰত্না সিং , জিলা পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাস, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ পাপৰি দেৱী, ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ কাৰ্যসূচী বিষয়া ডঃ সত্যব্ৰত বৰুৱা উপস্থিত থাকি ভাষণ প্ৰদান কৰি সমগ্ৰ দেশৰ লগতে অসমতো ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ অধিক লোকেই পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পথ-সুৰক্ষা সপ্তাহৰ সময় চোৱাত দ্ৰুতবেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাত অধিক প্ৰাধান্য দিয়া, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰিত গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা নীতি মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় । সজাগতা সপ্তাহৰ অনুষ্ঠানত পথ-সুৰক্ষা বিষয়ক কুইজ , ৰচনা লিখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ লগতে আজি মহানগৰীৰ আৰ্য বিদ্যাপীঠত মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ সজাগতা সভাত আকৰ্ষনীয় বাটৰ নাট, মুকাভিনয় আদি পৰিবেশন কৰে। সপ্তাহজুৰি অনুষ্ঠিত হʼব লগা পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে সভাত উপস্থিত থকা পাচ শতাধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সদস্য সকলক আহ্বান জনোৱাৰ লগতে মুখ্য অতিথি, বিশিষ্ট অতিথিৰ আৰু উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই । লগতে অহা ২৩ জানুৱাৰী ২০২৫ তাৰিখলৈকে মহানগৰৰ সকলো স্থানতে এই সজাগতা অভিযান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ।