ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ বিশেষ সজাগতা অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা সপ্তাহৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সপ্তাহ উপলক্ষে কুইজ, ৰচনা লিখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অসম বিদ্যামন্দিৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জিলা পৰিবহণ বিভাগৰ এম ভি আই পঙ্কজ দাস, হোণ্ডা চেফটি ৰাইডিঙৰ সমন্বয়ক জয়ন্ত দাস কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই । কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে কুইজ মাষ্টাৰ নৱকান্ত বৈশ্যই। কাইলৈ শনিবাৰে ৰাতিপুৱা ১১বজাত কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ মহানগৰ পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ-প্ৰজন্মৰ মাজত পথ-সুৰক্ষা সজাগতাক অভ্যাসত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজনৰ কথা উল্লেখ কৰে নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই সমগ্ৰ দেশৰ লগতে অসমতো ১৮ৰ পৰা ৪৫বছৰ বয়সৰ অধিক লোকেই পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ সময়চোৱাত দ্ৰুতবেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাত অধিক প্ৰাধান্য দিয়াৰ লগতে এইসকল লোকক পথ-সুৰক্ষাৰ একো একোজন যোদ্ধা হিচাপে গঢ়ি তোলাৰ উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সজাগতা অনুষ্ঠানত পথ-সুৰক্ষা বিষয়ক বাটৰ নাট, মুকাভিনয় আদি অনুষ্ঠিত হোৱাৰ লগতে মহানগৰীৰ আৰ্য বিদ্যাপীঠত মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ সজাগতা সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।