ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এডভান্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ- আন্তঃগাঁথনি সন্মিলনত বিনিয়োগকাৰীক আমন্ত্রণ জনোৱাৰ বাবে নতুন দিল্লীৰ পৰা জাপানলৈ উৰা মাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা । জাপানৰ উপৰি এই যাত্রাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়ালৈও যাব। আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাপানলৈ যোৱাৰ পূৰ্বে দিনৰ ভাগত নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ সৈতে সাক্ষাতৰ সুযোগ লাভ কৰাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ। ২০২৫ চনৰ এপ্ৰিল মাহত আমাৰ ৰাজ্য ভ্ৰমণ আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত  উপস্থিতিৰ হেতু আমাৰ অনুৰোধ ৰক্ষা কৰি নিমন্ত্ৰণ গ্রহণ কৰাৰ বাবে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ প্ৰতি গভীৰ মহোদয়ালৈ ৰাজ্যবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জনাইছোঁ।তেওঁৰ বহুমূলীয়া সময় আৰু পথ প্ৰদৰ্শন সঁচাকৈয়ে প্ৰশংসনীয়।দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু এই ভ্ৰমণ অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব । উল্লেখ্য যে, ৰাজ্যৰ সাংস্কৃতিক আৰু সামাজিক উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱা উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয় । জাপানলৈ ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অইলৰ মুখ্য পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰাথে নতুন দিল্লীৰ অসম ভৱনত সাক্ষাৎ কৰে।