ৰামপুৰত স্বেচ্ছাসেৱী সংস্থা সৃষ্টিধৰা ফাউণ্ডেচনৰ সংবাদমেল সম্বোধন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত ২০ জানুৱাৰী দিনৰ ১২ বজাত বেচৰকাৰী সংস্থা সৃষ্টিধৰা ফাউণ্ডেচনৰ উদ্যোগত এখনি সংবাদমেল সম্বোধন কৰা হয় ৷ যুৱকযুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত কৰ্মশালা আয়োজন কৰাৰ বাবে প্ৰচাৰ আৰু উপস্থিতিৰ ক্ষেত্ৰত সহযোগিতা বিচাৰি এই সংবাদমেল সম্বোধন কৰা হয় ৷ স্বেচ্ছাসেৱী সংস্থা সৃষ্টিধৰা ফাউণ্ডেচনৰ উদ্যোগত অহা ইংৰাজী ৮ ফেব্ৰুৱাৰী শনিবাৰে মিৰ্জাৰ শ্বহীদ ভৱনত নিবনুৱা যুৱক- যুৱতী তথা চুড়ান্ত বৰ্ষৰ ছাত্ৰছাত্ৰীৰ কেৰিয়াৰৰ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত এখনি বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰা হব লগতে উক্তদিনা জনপ্ৰিয় মোটিভেচন স্পীকাৰ জয়ন্ত কুমাৰ কলিতা উপস্থিত থাকিব বুলি উদ্যোগতা সকলে সংবাদমেল সম্বোধন কৰি জনাই ৷ উক্ত সংবাদমেল সম্বোধনত উপস্থিত থাকে ৰুবুল চৌধুৰী সম্পাদক সৃষ্টিধৰা ফাউণ্ডেচন, ড° দিনমণি কলিতা অধ্যক্ষ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়, বিমল শৰ্মা সংবাদসেৱী ৰামপুৰ ৷