ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ পৰিদৰ্শন সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ পৰিদৰ্শন আজি সম্পন্ন হয়। ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ মূল্যায়নৰ বাবে ১৪ আৰু ১৫ মে, ২০২৪ তাৰিখে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক এম খালিদ আজম(অধ্যক্ষ), বৰ্ধমান বিশ্ববিদ্যালয়ৰ অধ্যাপক মন্টু সাহা( সদস্য সমন্বয়ক) আৰু মহাৰাষ্ট্ৰৰ জি এইচ ৰায়চনী তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ ডঃ মমতা মুঠাল(সদস্য)ৰ নেতৃত্বত তিনিজনীয়া এক পৰ্য্যবেক্ষকৰ দল মহাবিদ্যালয়খনত উপস্থিত হয়। ১৪ মে,তাৰিখে ৰাতিপুৱা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰাণজিৎ কুমাৰ নাথ,অধ্যাপক-অধ্যাপিকা,গ্ৰন্থাগাৰিক,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে পৰ্য্যবেক্ষক দলটিক উষ্ণ আদৰণি জনায়। পৰ্য্যবেক্ষক দলটিয়ে পাৱাৰপইণ্টত অধ্যক্ষৰ লগতে বিভাগ সমূহৰ শৈক্ষিক দিশৰ উপস্থাপন প্ৰত্যক্ষ কৰে। তাৰ পাছতেই তেওঁলোকে প্ৰতিটো বিভাগৰ বিভাগীয় নথি-পত্ৰ শৈক্ষিক কাৰ্যকলাপ, অভিলেখাগাৰ, কাৰ্যালয়, শ্ৰেণীকোঠা, মহাবিদ্যালয় চৌহদৰ সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতেও মত বিনিময় কৰে। ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ পৰ্য্যবেক্ষক সকলৰ লগত দুপৰীয়াৰ আহাৰ আলোচনাত উপস্থিত থাকে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সত্যেন্দ্ৰনাথ বৰ্মন, অসম চৰকাৰৰ প্ৰতিনিধি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, আভ্যন্তৰীণ মান নিৰূপক কোষৰ সদস্য সকল। সন্ধিয়াৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত লোককৃষ্টি প্ৰদৰ্শন কৰা হয়। অসমীয়া সংস্কৃতিৰ প্ৰতিনিধিত্ব সূচক সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি পৰ্য্যবেক্ষক দলটিয়ে অভিমত আগবঢ়ায়। দ্বিতীয় দিনা ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ পৰিদৰ্শনৰ পৰ্য্যবেক্ষক সকলে কলেজখনৰ বিভিন্ন কোষ বিশেষকৈ মহিলা অধ্যয়ন কোষ, এন এচ এচ, এন চি চি, ৰেড ৰিবন ক্লাব, তথ্য আৰু কেৰিয়াৰ পৰামৰ্শদান কোষ আৰু গ্ৰন্থাগাৰৰ তথ্য পাতি নিৰীক্ষণ কৰে। উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বিভিন্ন প্ৰসংগেৰে সামৰণি সভাত যথেষ্ট পৰামৰ্শ আগবঢ়ায়।ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ তৃতীয় চক্ৰৰ পৰিদৰ্শনৰ সময়ছোৱাত উপস্থিত থকা আটাইকে মহাবিদ্যালয় কৰ্তৃপক্ষই ধন্যবাদ জনায়।