ৰাতি ফুলা নীল আকাশৰ জোন
যমুনা দুলু বৈশ্য
শুৱালকুছি
প্ৰতিটো ঋতুৰ অমৃত ঢালি
তুমি মোৰ চকুত ধৰা দিছিলা
ভালপোৱাৰ বাসনাই নুপূৰ বজাইছিল
এক মিঠা শিহঁৰণ স্পৰ্শে
তোমাৰ স’তে ৰোপন কৰা
প্ৰতিটো বস্তুই মোক আজিও দিয়ে সোঁৱৰাই ।
তোমাৰ বুকুৰ সৌন্দৰ্য গছ-বিৰিখ ,পাহাৰ ভৈয়াম
নদীৰ পৰা সাগৰলৈ বোৱাই অনা প্ৰণয়ৰে
সকলোতেই দেখিবলৈ পোৱা তোমাৰ মোৰ মিলনৰ হাঁহি হেৰাই গ’ল
কিন্তু সেই –সময়ৰ কথাবোৰ ——?
অতীত , বৰ্তমান ,ভবিষ্যতে যে আকৌ
লগ পাম নাই আশা ,স্মৃতি হৈ ৰয়,
এটি মুদ্ৰাৰ দুটি পিঠিৰ দৰে , হেঁপাহ জাগে
এতিয়া হৃদয়ৰ পৃষ্ঠাতে লিপিৱদ্ধ
সময়ে পৰিবৰ্তন আনিলে
বহু দুৰলৈ—-? উভতি চোৱাৰ সময় বা –ক’ত –?
ৰাতি ফুলা সেই নীল আকাশৰ
জোনটি মইহে ছাগে দেখো
দাপোণত ভাঁহে অনুভূতিৰ পৰশ জগাই ।