ৰাণীত APSC ত সাফল্য বুটুলা অৰূপ ডেকাক সম্বৰ্ধনা বিষ্ণু-জ্যোতি সংঘৰ
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী পশু চিকিৎসা বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হল গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী ৰাণী জয়ন্তীপুৰৰ অতি দৰিদ্ৰ ঘৰৰ মেধাবী ছাত্ৰ অৰূপ ডেকাই । সৰুৰে পৰা মেধাসম্পন্ন অৰূপ ডেকাই দৰিদ্ৰতাক নেওচি চলাই গৈছিল নিজৰ অবিৰত শৈক্ষিক সংগ্ৰাম । পিতৃ পৰেশ চন্দ্ৰ ডেকা আৰু মাতৃ ৰুক্মিণী ডেকাৰ সুযোগ্য সন্তান অৰূপ ডেকাৰ পিতৃয়ে সমীপবৰ্তী মৈৰাপুৰ মধ্য ইংৰাজী বিদ্যালয়ত সুদীৰ্ঘকাল চৰকাৰী বিনা বেতনে নিজৰ জীৱন উচৰ্গিত কৰি নিজ সন্তানক দিছিল উপযুক্ত শৈক্ষিক শিষ্টাচাৰ । যাৰ বাবে আজি অৰূপ ডেকাই অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী দক্ষ চিকিৎসক হৱলৈ সক্ষম হ’ল । সেয়ে বুধবাৰে বৃহত্তৰ ৰাণী অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান কাঁহাৰপাৰা “বিষ্ণু-জ্যোতি” ই ডেকাক এখনি মানপত্ৰ , গামোচা , শৰাই ,জাপি আৰু ফুলৰ থোপাৰে নিজ বাসগৃহত সম্বৰ্ধনা জনায় । ‘বিষ্ণু-জ্যোতি’ সংঘৰ সভাপতি পৰাগজ্যোতি দাস , সম্পাদক ধৰ্মেন্দ্ৰ দাস , উপসভাপতি ৰজনী দাস , সক্ৰিয় সদস্য ক্ৰমে ৰিতেন দাস আৰু ধনঞ্জয় দাসে এই সম্বৰ্ধনা জ্ঞাপন কৰে।