ৰাণীত অনলাইন ট্ৰেডিংৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী দাঁতিকাষৰীয়া দক্ষিন কামৰূপৰ ৰানীত সংঘটিত হৈছে অনলাইন ট্ৰেডিংৰ নামত প্ৰৱঞ্চনা ৷ দক্ষিণ কামৰূপত শেহতীয়াকৈ ফাদিল হোৱা টাইটান কেপিটেল নামৰ অনলাইন ট্ৰেডিং কোম্পানীৰ প্ৰৱঞ্চনাৰ ঘটনা আৰু উপৰহালীৰ ৰিল ইণ্ডিয়া নামৰ অনলাইন মাৰ্কেটিং কোম্পানীৰ কেলেংকাৰীৰ ঘটনা মাৰ নাজাওতেই, এইবাৰ দক্ষিণ কামৰূপৰ ৰাণীত অনলাইন ট্ৰেডিংৰ প্ৰৱঞ্চনাৰ জাল ফাদিল হৈছে ৷ বহিৰাগত অনলাইন মাৰ্কেটিঙ আৰু ট্ৰেডিং কোম্পানী সমূহৰ ৰম্যভূমিহে যেন দক্ষিণ কামৰূপৰ অঞ্চল ৷কোম্পানী সমূহৰ টাৰ্গেট সহজসৰল দুখীয়া মানুহৰ পৰা সহজলভ্য টকা ঘটাৰ প্ৰলোভনৰে লুণ্ঠন চলোৱা ৷ বৰ্তমানলৈকে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত অনলাইন মাৰ্কেটিঙ আৰু ট্ৰেডিংৰ নামত জনসাধাৰনক ৰাম ঠগন দিয়া হৈছে ৷ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত ট্ৰেডিং ৰ সৈতে জড়িত চিন্ময় দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাধাৰণ ৰাইজৰ ৷ ৰাণী অঞ্চলৰ স্থানীয় যুৱক অসম দাস নামৰ যুৱকে ৰাণী আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। লগে লগে চিন্মায় দাস নামৰ যুৱকক আটক কৰে ৰাণী আৰক্ষীয়ে । প্ৰায় ৫০ কোটি টকা ট্ৰেডিংৰ নামত বহু লোকৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ ভুক্তভোগীৰ । উল্লেখ্য যে চিন্ময় দাসৰ অহা ৬ মাৰ্চত বিয়াৰ দিন আছিল । যোৱা নিশা আটক হোৱা চিন্ময় দাসক সম্প্ৰতি পলাশবাৰী আৰক্ষী চকীৰ সহযোগত জেইল হাজোতলৈ প্ৰেৰণ কৰা হয় ।