ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তীত বিভিন্ন দল-সংগঠনৰ অভিনন্দন

Pc Hindustan Times

ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তীত বিভিন্ন দল-সংগঠনৰ অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা-  “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ন- প্ৰজন্মৰ মাজত যোগাত্মক চিন্তাৰে দৃষ্টি আকৰ্ষণ কৰিছে । নতুন প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে হাত উজান দিছে ।”—-  অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত এনেদৰে মতপোষণ কৰি অভিনন্দন জনাইছে ” বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম”ৰ প্ৰধান সম্পাদক তথা জনপ্ৰিয় কবি, লেখক দীপক শৰ্মাই । শ্ৰী শৰ্মাই আৰু কয়- “অসমৰ বাপতি সাহোন , হিয়াৰ আমঠু বিহুক বিশ্ব দৰবাৰত চিনাকী দি এক মাইলৰ খুঁটিত পৰিগণিত কৰিলে । দিশপুৰত মন্ত্ৰীক বহুৱাই নাৰাখি ৰাজ্যৰ ভিন ভিন ক্ষেত্ৰলৈ লৈ গৈ কেবিনেট পাতি এক যথাৰ্থ কাম কৰিলে । আগত বছৰবোৰ অসমবাসী জনসাধাৰণ সৰ্বত্ৰে উন্নতিৰ জখলাত উঠিব পাৰে তাৰ বাবে সবল নেতৃত্ব ল’ব বুলি আমি আশাবাদী ।” ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকালত অভিনন্দন জনাইছে- বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, বঙৰা শ্ৰী কৈটাসিদ্ধি সত্ৰৰ মুখ্য উপদেষ্টা গৌৰীকান্ত নাথ, সত্ৰাধিকাৰ ৰজনীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, বিশিষ্ট কবি-গীতিকাৰ শচীন দাস, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে একেমুখে অভিনন্দন জনোৱাৰ লগতে আগত বছৰবোৰ অতি উন্নত ধৰণেৰে কাম কৰি যাবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।