ৰাজ্য চৰকাৰে নতুনকৈ ১৬২ খন মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ বিৰোধিতা এআইডিএছঅ’ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে নতুনকৈ আকৌ ১৬১ খন মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰাৰ ঘোষণাক এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ধিক্কাৰ জনাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে পূৰ্বতেও জনসাধাৰণৰ মতামত আওকাণ কৰি ইতিমধ্যে ৯০০০ তকৈ অধিক চৰকাৰী স্কুল একত্ৰীকৰণৰ নামত বন্ধ কৰিছিল আৰু চৰকাৰৰ লক্ষ্য হৈছে এই ৰাজ্যখনত আৰু ১১,০০০ তকৈ অধিক স্কুল বন্ধ কৰা । চূড়ান্ত শিক্ষা বিৰোধী জাতীয় শিক্ষা নীতি -২০২০ কাৰ্যক্ৰম বাস্তবায়িত কৰাৰ স্বাৰ্থত আকৌ ১৬১ খন মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বাবে উঠিপৰি লাগিছে। যেতিয়া সকলো ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰাংগনত লৈ অহাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল তেতিয়া স্কুল বন্ধ কৰাৰ ঘোষণা অগণতান্ত্ৰিক , অযৌক্তিক আৰু চূড়ান্ত অন্যায়। শিক্ষাক সাৰ্বজনীন কৰাৰ স্বাৰ্থত চৰকাৰী স্কুল প্ৰতিষ্ঠান সমুহক উন্নত মানত গঢ়ি তোলাৰ যথেষ্ট পৰিমাণে প্ৰয়োজন আছিল অথচ এই সময়ছোৱাত চৰকাৰে সুপৰিকল্পিত ভাবে দেশৰ শাসক পুঁজিপতি শ্ৰেণীৰ বজাৰ সংকটৰ পৰা পৰিত্ৰাণৰ বাবে শিক্ষা -স্বাস্থ্যৰ দৰে সেৱাখণ্ডত পুঁজি বিনিয়োগৰ সুবিধা কৰি দিয়াৰ উদ্দেশ্যে শিক্ষাৰ ব্যক্তিগতকৰণ কৰিছে। এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিজেপি পৰিচালিত চৰকাৰে জাতীয় শিক্ষা নীতি ২০২০ চালু কৰিবলৈ গৈ চৰকাৰী স্কুল সমূহ বন্ধ কৰি দি আছে যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি মুনাফা অৰ্জনৰ পথ প্ৰশস্ত হয় । প্ৰয়োজনীয় সংখ্যক ছাত্ৰ- ছাত্ৰী নথকাৰ অজুহাতত এই চৰকাৰী স্কুলসমূহ বন্ধ কৰাৰ চক্ৰান্তৰ তীব্ৰ প্ৰতিবাদ জনাই এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটিয়ে দৃঢ়তাৰে দাবী জনাই যে কোনো অজুহাতত চৰকাৰী স্কুল বন্ধ কৰা নচলিব। তাৰ পৰিৱৰ্তে চৰকাৰী স্কুল সমূহত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্ত, উন্নত আন্তঃগাথঁনি গঢ়ি তোলা আৰু অতি শীঘ্ৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰবৰ্তন কৰি শিক্ষাৰ মান উন্নত কৰাৰ বাবে দাবী জনায়। আৰু ৰাজ্যৰ ছাত্ৰ -ছাত্ৰী, শিক্ষক, অভিভাৱক সহ শুভবুদ্ধিসম্পন্ন ৰাইজক আগবাঢ়ি আহি তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে আহ্বান জনায়।