ৰাজ্যৰ ৫ বিধানসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ ক্লীন ছুইপ

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ ক্লীন ছুইপ

ৰঙিলী বাৰ্ত্তাসেৱা-  সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যৰ ৫ বিধানসভা সমষ্টি ক্রমে বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু চিদলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ক্লীন ছুইপ কৰিলে। যোৱা চাৰে তিনিটা বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে কৰি অহা উন্নয়নমুখী যাত্ৰাৰ প্ৰতি জনসাধাৰণৰ যে পূৰ্ণ আস্থা, সমর্থন আৰু আশীর্বাদ আছে সেয়া উপ-নির্বাচনৰ ফলাফলতে প্রমাণিত হ’ল। আশা কৰা ধৰণেই বিহালী, চামগুৰি আৰু ধলাইত বিজেপি প্রার্থীয়ে জয়লাভ কৰিলে। সেইদৰে বঙাইগাঁৱত মিত্রদল অগপই আৰু চিদলীত মিত্রদল ইউপিপিএল জয়ী হয়। চামগুৰিৰ বিজয় গেৰুৱা দলটিৰ বাবে ঐতিহাসিক, কিয়নো প্ৰথমবাৰৰ বাবে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত এটা সমষ্টিৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল । চামগুৰি সমষ্টিটো পূৰ্বৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হয় । উপ-নিৰ্বাচনৰ ফলাফল অনুসৰি বিহালীত বিজেপিৰ দিগন্ত ঘাটোৱালে ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিজেপিৰ দিগন্ত ঘাটোৱালে ৫০,৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰাই ৪১,৮৯৬টা ভোট লাভ কৰে। সেইদৰে চিপিআই (এমএল) ৰ লক্ষ্মীকান্ত কুৰ্মীয়ে ৫,০৯৩টা, আপৰ অনন্ত গগৈয়ে ১,২১৭টা ভোট লাভ কৰে। সমষ্টিটোত ১,৫১৪টা ভোট ন’টাত পৰিছে। আনহাতে, ধলাই সমষ্টিত বিজেপিৰ নিহাৰৰঞ্জন দাসে ৯,০৯৮টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। নিহাৰৰঞ্জন দাসে ৬৯,৯৪৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৬০,৮৪৭টা, নির্দলীয় অমলেন্দু দাসে ৫,০৬১টা, গৌৰ চন্দ্ৰ দাসে ১,৭৩৭টা, ৰাজু দাসে ৭১৭টা, দিলীপ কুমাৰ ধুবীয়ে ৬৪৯টা, পৰিমল দাসে ৫১১টা, ধীৰাজ দাসে ৩৪৪টা ভোট লাভ কৰে। সমষ্টিটোত ১,৫২৮টা ভোট ন’টাত পৰিছে। সেইদৰে চামগুৰি সমষ্টিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই ২৪,৫০১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই ৮১,৩২১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্রার্থী তাঞ্জিল হুছেইনে ৫৬,৮২০টা ভোট লাভ কৰে। সমষ্টিটোৰ আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে ৯৩৪টা, নির্দলীয় মুছাব্বিৰ আলী আহমেদে ৭৫৫টা, শশী তাঁতীয়ে ৬৮১টা, আব্দুল মজিদে ৩৭২টা, ফাতেমা খাতুনে ২১৬টা, এছইউচিআই (চি)ৰ আব্দুছ ছবুৰ মিঞাই ১৯৬টা, নির্দলীয় জেহেৰুল ইছলামে ১৭৬টা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বছাকে ১৪৯টা, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চলৰ ৰাব্বুল হকে ১৩৯টা ভোট লাভ কৰে। সমষ্টিটোত ১,০৬৫টা ভোট ন’টাত পৰে। ইফালে, বঙাইগাঁও সমষ্টিত অগপৰ দীপ্তিময়ী চৌধুৰীয়ে ৩৫,১৬৪টা ভোটৰ ব্যৱধানত জয়লাভ সাব্যস্ত কৰিছে। দীপ্তিময়ী চৌধুৰীয়ে ৭৪,৭৩৪টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহই ৩৯,৫৭০টা ভোট লাভ কৰে। অগপৰ পৰা বিসম্বাদ কৰি নিৰ্দলীয় প্রার্থী হিচাপে অৱতীৰ্ণ হোৱা শৈলেন্দ্ৰ সৰকাৰে ১৩,৩৮১টা, নির্দলীয় অনুপ কুমাৰ কৰ্মকাৰে ৫,০১৩টা, গৌতম ৰয়ে ২,৮৯৬টা,, দীপক দাসে ১,৮৬৮টা, এছইউচিআই (চি)ৰ মৃত্যুঞ্জয় ৰাভাই ১,৩৪৫টা আৰু নির্দলীয় ভদ্রেশ্বৰ বৰ্মনে ১,০৯৯টা ভোট লাভ কৰে। সমষ্টিটোত ২,৭১৪টা ভোট ন’টাত পৰিছে। সেইদৰে চিদলী সমষ্টিত ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্মাই ৩৭,০১৬টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। নিৰ্মল কুমাৰ ব্ৰহ্মাই ৯৫,২৪৩টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্রতিদ্বন্দ্বী বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫৮,২২৭টা ভোট লাভ কৰে। কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে ৭,৬৩৪টা ভোট লাভ কৰিছে। সমষ্টিটোত ৩,৬৭১টা ভোট ন’টাত পৰিছে।এই নির্বাচনী ফলাফলত স্বাভাৱিকতে কেইবাখনো ছবি পৰিস্ফুট হৈ পৰে। বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ বিজয়ৰ লগে লগে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দর্পচূৰ্ণ হ’ল বুলিব পাৰি। কিয়নো, যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এক কথাত ক’বলৈ গ’লে বিহালীত জয়ন্ত বৰাক কংগ্ৰেছৰ টিকট দিছিল। ইয়াৰ বাবে অসম সন্মিলিত মঞ্চৰ সৈতেও কংগ্ৰেছৰ সম্পর্ক ছেদ হৈছিল। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰদেশ কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক নেতাই এইবাৰৰ উপ- নিৰ্বাচনত বিহালীৰ আসনখন সন্মিলিত মঞ্চৰ অংশীদাৰ দলক এৰি দি সকলো বিৰোধী ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছিল। কিন্তু গৌৰৱ গগৈয়ে কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰ সৈতে থকা সম্ভাৱ আৰু প্ৰভাৱ খটুৱাই বিহালীত তেওঁৰ পছন্দৰ প্ৰাৰ্থী জয়ন্ত বৰাক কংগ্ৰেছত যোগদানৰ পূৰ্বেই কংগ্ৰেছৰ টিকট দিয়াৰ ব্যৱস্থা কৰে। কিন্তু আজি নির্বাচনী ফলাফলত দেখা গ’ল বিহালীৰ জনতাই গৌৰৱ গগৈক প্রত্যাখ্যান কৰিলে। সেইদৰে এই ফলাফলত দেখা গ’ল বঙাইগাঁৱত পৰিয়ালতন্ত্ৰৰ জয় অব্যাহত থাকিল। এইবাৰ উপ-নির্বাচনত বঙাইগাঁও সমষ্টিত অগপই সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক দলীয় টিকট প্রদান কৰে। সাংসদ ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত পৰিয়ালতান্ত্রিক ৰাজনীতি চলোৱাৰ গুৰুতৰ অভিযোগ কৰি বঙাইগাঁও জিলা অগপৰ সভাপতি বিজয় সিংহ, সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ নেতৃত্বত একাংশই দল ত্যাগ কৰাৰ লগতে শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হয়। কিন্তু ইমানৰ পিছতো নিৰ্বাচনত সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। বঙাইগাঁৱত সাংসদ চৌধুৰীয়ে পত্নী দীপ্তিময়ী চৌধুৰীক জয়ী কৰাবলৈ সক্ষম হয় যদিও চামগুৰিত সাংসদ ৰকিবুল হুছেইনে পুত্র তাঞ্জিল হুছেইনক বিজয়ী কৰাব নোৱাৰিলে। চামগুৰিত তাঞ্জিল হুছেইন জয়ী হোৱা হ’লে তেওঁ হ’লহেঁতেন হুছেইন পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ প্রার্থী। পূৰ্বতে চামগুৰি সমষ্টিত প্রতিনিধিত্ব কৰিছিল ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে। ২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে সেই সমষ্টিৰ পৰা বিজয় হৈ আহিছে ৰকিবুল হুছেইন। এইবাৰ উপ-নির্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। কিন্তু চামগুৰিৰ জনতাই হুছেইন পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ প্ৰতিনিধিক আজি প্রত্যাখ্যান কৰা পৰিলক্ষিত হ’ল। সেইদৰে এই ফলাফলত পুনৰ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক অংক ভুল প্রমাণিত হ’ল। হাগ্রামা মহিলাৰীয়ে এইবাৰ উপ- নির্বাচনত চিদলী সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকী কমেও তিনি হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰি আহিছিল। কিন্তু আজি ফলাফলত দেখা গ’ল সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থীগৰাকীক ৩৭,০১৬টা ভোটৰ ব্যৱধানত ইউপিপিএলে পৰাস্ত কৰিলে। এক কথাত ক’বলৈ গ’লে বড়োভূমিত নির্বাচনী যুঁজত পুনৰ ধৰাশায়ী হ’ল হাগ্রামা বাহিনীৰ বিপিএফ।