ৰাজ্যৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ নির্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত প্রথম কিস্তিৰ ধনৰাশি লাভ কৰিলে। গৃহ প্রদানেৰে জীৱন ধাৰণৰ মান উন্নীতকৰণৰ উদ্দেশ্যে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন-পত্র প্রদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে ১০ গৰাকীক গৃহ অনুমোদন-পত্র প্রদান কৰে। উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে সমগ্ৰ ৰাজ্যখনৰ বাবে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু এই পদক্ষেপৰ অংশ হিচাপে প্রথম কিস্তিৰ ৩৭,৫০০ টকা হিতাধিকাৰীক একাউণ্টযোগে প্রদান কৰে। এই বৃহৎ অনুষ্ঠানটোত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা-ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে গৈ জিঅ’ টেগিঙৰ ব্যৱস্থা আৰম্ভ কৰিব। যাতে কোনো দৰিদ্ৰ পৰিয়ালে গৃহৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্রী ড০ শৰ্মাই ইয়াকো স্পষ্ট কৰি দিয়ে যে কোনো দালাল প্রকৃতিৰ লোকে যাতে হিতাধিকাৰীৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে, তাৰো ব্যৱস্থা কৰা হৈছে। গৃহ প্ৰদানৰ নামত কোনো দালাল প্রকৃতিৰ লোকে যদি ধন বিচাৰে তেন্তে ইয়াৰ বাবে হোৱাটছএপ নম্বৰত অভিযোগ দাখিল কৰিলেই চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। সেয়াই নহয়, গাঁৱে গাঁৱে আৰম্ভ হ’ব আঁচনিৰ নামত ধন লোৱা দালাল প্রকৃতিৰ লোকক নাকী লগোৱা অভিযান। ইয়াৰ বাবে ৰাজ্য চৰকাৰে এটা হোৱাটছএপ নম্বৰ উপলব্ধ কৰাব আৰু এই নম্বৰত অভিযোগ দাখিল কৰিলেই আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্রী ড০ শৰ্মাই ইয়াকো স্পষ্ট কৰে যে এইবাৰ জিঅ’ টেগিঙৰ বাবে বিভাগীয় কৰ্মচাৰীসকলে গাঁৱে গাঁৱে নাযায়। ইয়াৰ বাবে জীৱিকা সখীসকলক প্রশিক্ষিত কৰা হৈছে। তেওঁলোকে নিজৰ গাঁৱৰ পৰা বাহিৰৰ গাঁৱলৈ গৈ প্ৰ-পত্ৰ পূৰণ কৰি দিয়াৰ লগতে ঘৰৰ ছবি তুলিব। ইয়াৰ পিছত গাঁওসভাৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰ পৰিয়ালৰ নাম নির্ধাৰণ কৰা হ’ব। খণ্ড উন্নয়ন পর্যায়ত ৰাজ্য চৰকাৰে এখন সমিতি গঠন কৰি দিব আৰু অনুৰূপভাৱে জিলা পৰ্যায়তো হিতাধিকাৰীসকলৰ নাম বিবেচনা কৰা হ’ব। হিতাধিকাৰীসকলে গৃহ লাভ কৰাৰ বাবে নিজৰ ঘৰৰ ছবি তুলি প’র্টেলত দিয়াৰো ব্যৱস্থা কৰিব পাৰিব। ইয়াৰ পূৰ্বে ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রত্যেকজন দৰিদ্ৰ লোকে গৃহ লাভ কৰাটো চৰকাৰে সুনিশ্চিত কৰিব বিচাৰিছে। আগন্তুক সময়ছোৱাত ২৬ লাখ পৰিয়ালৰ বাবে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰা হ’ব। মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতিশ্রুতি দিছিল যে তৃতীয়বাৰৰ বাবে শাসনৰ ক্ষমতালৈ আহিলে পুনৰ ৫ কোটি লোকক প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গৃহ উপলব্ধ কৰোৱা হ’ব। ৫ কোটি লোকলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ, জ্যেষ্ঠজনক স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্রদান, কর্মচাৰীসকলৰ বাবে ইউনিফাইড পেন্সন আঁচনিৰ লেখীয়া যিবোৰ প্রতিশ্রুতি প্রদান কৰিছিল তাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পদক্ষেপ লৈছে। সভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়- চৰকাৰে প্ৰতিবছৰে পৰ্যায়ক্রমে গৃহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে। প্রথম আৰু দ্বিতীয় পর্যায়ত জিঅ’ টেগিং কৰি ২০১১ চনৰ আৰ্থ-সামাজিক সমীক্ষা আৰু ২০১৮ চনৰ জিঅ’ টেগিং কৰি ২৬,১১,৭৯৩গৰাকী হিতাধিকাৰীক নির্বাচিত কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত প্রত্যেক বছৰে তিনিৰ পৰা চাৰি লাখ লোকক গৃহ প্রদান কৰি অহা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া শাসনকালত বর্তমানলৈকে ২০,৪৬,৫৫৩গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি অহা বছৰ এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহত তিনি লাখ ৮০ হাজাৰ পৰিয়ালক গৃহ প্ৰদান কৰা হ’ব। ইয়াৰ ফলত সৰ্বমুঠ ২৬,১১,৭৯২টা পৰিয়ালে গৃহ লাভ কৰিব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে অৰুণোদয় আঁচনিৰ বাবে প্ৰ-পত্ৰ বিতৰণ কৰি থকা হৈছে। পূর্বে ২৬ লাখ লোকক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছিল যদিও এতিয়া ৩৭ লাখ লোকে এই আঁচনিৰ সুবিধা লাভকৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কাই আদৰণী ভাষণ দিয়া অনুষ্ঠানটোত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও ভাষণ দিয়ে।