ৰাজ্যৰ লাখ লাখ লোকৰ কৰ্তন হ’ব ৰেছন কাৰ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- শীঘ্ৰেই ৰাজ্যৰ লক্ষাধিক লোকৰ ৰেছন কাৰ্ড কৰ্তন হ’ব।বৃহৎসংখ্যক আযোগ্য লোকৰ হাতত ৰেছন কাৰ্ড থকাৰ কথা অৱগত হোৱাৰ পাছতেই কেন্দ্রীয় চৰকাৰে ভুৱা হিতাধিকাৰীসকলক চিনাক্ত কৰাৰ বাবে নির্দেশ দিছে।আনকি এইবাৰ কেন্দ্ৰীয় চৰকাৰে ব্যৱসায়ৰ সৈতে জড়িত আৰু দহ বিঘাতকৈ অধিক ভূমি থকা লোকসকলকো ৰেছন কাৰ্ডৰ সুবিধা প্ৰদান কৰা নহ’ব বুলি ঘোষণা কৰিছে।আনহাতে, সুলভ মূল্যৰ সামগ্ৰী যোগান ধৰা দোকানীসকলকো ৰেছন কাৰ্ড থকা লোকসকলৰ নামৰ তালিকাৰ লগতে তেওঁলোকৰ জীৱিকাৰ তথ্য জিলা কাৰ্যালয়ত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে।প্ৰণিধানযোগ্য যে অসমত বহু মধ্যবিত্ত লোকৰ হাতত ৰেছন কাৰ্ড থকাৰ কথা পোহৰলৈ অহাৰ পাছতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰ্ষিক এক লাখ টকাতকৈ অধিক টকা উপাৰ্জন কৰা লোকসকলক স্বইচ্ছাই ৰেছন কার্ডসমূহ ঘূৰাই দিয়াৰ বাবে আহ্বান জনাইছিল।মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতেই কিছু সংখ্যক লোকে ৰেছন কার্ড ঘুৰাই দিছিল যদিও বৃহৎসংখ্যক লোকেই ৰেছন কার্ডসমূহ ঘুৰাই দিয়া নাছিল।ইফালে, কেন্দ্ৰীয় চৰকাৰে ৰেছন কাৰ্ডৰ সৈতে আধাৰ আৰু বেংক একাউণ্ট সংযোগ কৰাটো বাধ্যতামূলক কৰাৰ পাছতো এতিয়াও বৃহৎসংখ্যক লোকে আধাৰ আৰু বেংক একাউণ্ট সংযোগ কৰা নাই।কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যখনত থকা ৰেছন কাৰ্ডৰ সংখ্যা হৈছে ৫৬,৩০,৮৩৯ খন আৰু মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে ২,০৫,২৬,২৮৩জন।ইয়াৰে ভিতৰত এতিয়ালৈকে ৫৫,৪৬,৫৮৭খন বেছন কাৰ্ডৰ সৈতে আধাৰ সংযোগ হৈছে যদিও বৃহৎসংখ্যক লোকেই বেংক একাউণ্ট সংযোগ কৰা নাই।আজিৰ তাৰিখত মাত্র ৪৮,৮১,৮৮৯খন ৰেছন কাৰ্ডৰ সৈতেহে বেংক একাউন্ট সংযোগ হৈছে।প্ৰকৃততে ভুৱা হিতাধিকাৰীসকলে নিজৰ তথ্য লুকাই ৰখাৰ বাবেই ৰেছন কাৰ্ডৰ সৈতে বেংক একাউন্ট সংযোগ কৰা নাই।এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যখনৰ লাখ লাখ লোকৰ ৰেছন কাৰ্ড যে কৰ্তন হ’ব সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে।