ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰূপে আই পি এছ হৰমীত সিঙক নিযুক্তি

ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰূপে আই পি এছ হৰমীত সিঙক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্বত আই পি এছ হৰমীত সিং । চিআৰপিএফৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা অসমৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ স্থানত দায়িত্বভাৰ লাভ কৰিব বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে। ৰাজ্যৰ গৃহ বিভাগে এক নির্দেশনাৰ জৰিয়তে হৰমিট সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ৰূপে দায়িত্বভাৰ অৰ্পণ কৰিছে। গৃহ বিভাগৰ আযুক্ত সচিব বিশ্বজিৎ পেগুৱে দিয়া এই নির্দেশ অনুসৰি বৰ্তমান গৃহৰক্ষী বাহিনীৰ সঞ্চালকৰূপে তথা বিশেষ আৰক্ষী সঞ্চালকপ্রধান ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমিট সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অর্পণ কৰা হৈছে। উল্লেখ্য যে ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ হৰমিট সিঙে ২০২১ চনত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব চম্ভালিছিল। পিছত তেওঁৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ পৰা বিশেষ আৰক্ষী সঞ্চালকপ্রধানলৈ পদোন্নতি হৈছিল। ১৯৯৮৩ দিল্লীলৈ ডেপুটেচনত যোৱা হৰমিট সিঙে ২০১৭ চনত ডেপুটেচন সামৰি অসমলৈ উভতিছিল। ইফালে, চিআৰপিএফৰ সঞ্চালকৰ দায়িত্ব লাভ কৰা জি পি সিঙে অহা ২৯ জানুৱাৰীত আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যভাৰ এৰাৰ সম্ভাৱনা আছে। কাৰ্যতঃ বুধবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব গ্রহণ কৰিব পাৰে হৰমিট সিঙে। তেনেস্থলত গৃহবিভাগে হৰমীত সিঙত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰে। অসম ত্যাগৰ পাছতে জি পি সিঙে দিল্লীত CRPFৰ সঞ্চালক প্ৰধান (DG-CRPF) হিচাপে যোগদান কৰিব। ১৮ জানুৱাৰীত কেবিনেটে সিঙক এই দায়িত্ব প্ৰদান কৰে আৰু ২০২৭ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত কোনো নিৰ্দেশনা জাৰি নোহোৱালৈকে জি পি সিঙে নতুন দায়িত্ব পালন কৰিব।২০২১ চনত অসমত কা আন্দোলনে ভয়ংকৰ ৰূপ লোৱাৰ সময়ত জি পি সিং অসমলৈ আহিছিল। ইয়াৰ পূৰ্বে সিঙে নেশ্যনেল ডেপ্যুটেশ্যনত নিয়া ( National Investigation Agency) ত কৰ্মৰত অৱস্থাত আছিল। নিয়াত তেওঁৰ কাৰ্যকাল ২০২০ চনলৈ আছিল যদিও অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁক মাতি অনা হৈছিল।  জি পি সিং ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া।