ৰাজ্যৰ কেইবা ঠাইত বোমা উদ্ধাৰৰ ঘটনাই উদঙাই দিছে গৃহ বিভাগৰ অকৰ্মন্যতা; সৰৱ অসম জাতীয় পৰিষদ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইমান দিনে অসমৰ আলফা সমস্যাক কেন্দ্ৰ কৰি অসমবাসী ৰাইজক আভুৱা ভাৰি থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপৎ গ্ৰহণ কৰি দিয়া বক্তব্যত আলফা সমস্যা সমাধান কৰাটো তেওঁৰ অগ্ৰাধিকাৰ বুলি মত প্ৰকাশ কৰি পিছলৈ আলফা সমস্যা সমাধানৰ দিশত বুলি দাবী কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও একে দাবী কৰি আহিছে৷ কিন্তু কালি আলফাই ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপনৰ পাছত এইটো স্পষ্ট হৈ গৈছে যে আলফা সমস্যা সমাধানৰ দিশত অকনমানো অগ্ৰগতি হোৱা নাই, বৰং এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাইজক আভুৱা ভাৰা বক্তব্যহে প্ৰদান কৰি আহিছে। এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ” অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধান সভাত দিয়া কেইবাটাও বক্তব্য আৰু স্বাধীনতা দিৱসত আগবঢ়োৱা একাধিক বক্তব্যত আলফাৰ সৈতে আলোচনা ইতিবাচক দিশত আগবাঢ়ি অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কৈছিল৷ একেদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও আলফাৰ সৈতে আলোচনা ইতিবাচক দিশত আগবঢ়া বুলি কৈ আহিছে৷ যোৱা বছৰৰ (২০২৩) ডিচেম্বৰ মাহত আলফাৰ আলোচনা পন্থী গোটৰ সৈতে চুক্তি স্বাক্ষৰৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে বিদ্ৰোহী সংগঠনটোৰ পৰেশ বৰুৱা গোটৰ সৈতে যোগাযোগ স্থাপন হৈছে আৰু উক্ত গোটটোক আলোচনাৰ মজিয়ালৈ অনাৰ প্ৰয়াস চলি আছে৷ কিন্তু ঘটনাটোৰ পিচত এইটো স্পষ্ট হৈ পৰিল যে আলফা (স্বাধীন)ৰ সৈতে আলোচনাৰ বিষয়ত চৰকাৰে একো অগ্ৰগতি সাধন কৰিব পৰা নাই৷ স্বাধীনতা দিৱসৰ দিনা, চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা বৰ্তি তকাৰ মাজতে আলফাই ৰাজ্যৰ অন্য অংশৰ লগতে খোদ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীতে বোমা সংস্থাপন কৰিব পৰাটোৱে গৃহ বিভাগৰ ব্যৰ্থতা আৰু অদক্ষতাক স্পষ্ট ৰূপত উদঙাই দিয়া বুলি মন্তব্য কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, “ভাগ্য ভাল যে বোমা কেইটা বিস্ফোৰিত নহ’ল৷ বিস্ফোৰিত হোৱা হ’লে কি পৰিস্থিতিৰ সৃষ্টি হ’লহেতেন সেয়া সহজে অনুমেয়৷ ইমান ডাঙৰ ঘটনাটো আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগে আলফাৰ প্ৰেছ বিজ্ঞপ্তি তথা সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তেহে গম পোৱা কথাটো ভয়ংকৰভাৱে উদ্বেগজনক৷” গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী বিভাগক আইন-শৃঙ্খলা নিয়ন্ত্ৰণ তথা কুটাঘাত প্ৰতিৰোধৰ মূল দায়িত্বৰ সলনি কৰ-কাটল সংগ্ৰহৰ কামত অধিক ব্যস্ত ৰখাৰ পৰিণতি কিমান ভয়ংকৰ হৈ উঠিছে সেয়া কালিৰ ঘটনাই প্ৰমাণ কৰে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে গৃহ বিভাগ চলাব নোৱাৰাৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৎকালীনভাৱে গৃহ বিভাগৰ দায়িত্ব এৰি দিয়া উচিত৷