ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস ২০২৪ উদযাপন 

ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস ২০২৪ উদযাপন 

শৈলেন কুমাৰ, মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস ২০২৪ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ আৰ, বি হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয় ৷ শিখ ধৰ্মলম্বী গুৰু গোবিন্দ সিংৰ পুত্ৰ বীৰ বাবা জোৰাৱৰ সিং আৰু বাবা ফতেক সিং দুই চাহেবে জাদে দেশৰ ধৰ্মসংস্কৃতি ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন আত্মবলিদান দিছিল, তেখেতসকলৰ ত্যাগ আৰু বীৰত্ব জীয়াই ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৬ ডিচেম্বৰ দিনটো দেশজুৰি বীৰ বাল দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে ৷ সমান্তৰালভাৱে এই বিশেষ দিনটোত পলাশবাৰী সমষ্টিৰ আৰ,বি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত বীৰ বাল দিৱস অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বীৰত্ব আৰু সাহসৰ পৰিচয় দি নাম উজলাবলৈ সক্ষম হোৱা অসমৰ বহু শিশু সকলোক বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ,সাংসদ বিজুলী কলিতা মেধি,কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক ৷ উল্লিখিত উক্ত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে কয় শক্তিশালী জাতি গঠনৰ ক্ষেত্ৰত বীৰত্ব আৰু দেশপ্ৰেমৰ ভূমিকা যথেষ্ট আছে গতিকে এই অনুষ্ঠানৰ জৰিয়তে শিশুসকল বীৰত্ব আৰু দেশপ্ৰেমৰ প্ৰতি উৎসাহিত কৰাৰ আৰু শিক্ষা প্ৰদান কৰাৰ এক প্ৰচেষ্টা যাতে শিশু সকলে দেশৰ বাবে তথা নিজেও বীৰত্ব আৰু দেশপ্ৰেমৰ শিক্ষাৰে সুনাগৰিক হবলৈ সক্ষম হয় ৷