ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৩৩ বছৰীয়া এক ৰাজনৈতিক পৰিক্ৰমাৰ অৱসান। ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। তিনি দশকৰো অধিক সময় ধৰি ৰাজ্যসভাৰ সদস্য হৈ থকা ড০ মনমোহন সিঙৰ অৱসৰৰ সকলো আনুষ্ঠানিকতা অৱশ্যে বুধবাৰেহে সম্পন্ন হ’ব। ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে দেশত উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ নীতিৰে বিশ্বায়নৰ যুগান্তকাৰী অৰ্থনৈতিক সংস্কাৰৰ বাবে প্ৰখ্যাত ড০ সিঙে ১৯৯১ চনৰ অক্টোবৰত ৰাজ্যসভাত যোগদান কৰিছিল। ১৯৯১ ৰ পৰা ১৯৯৬ চনলৈ নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হিচাপে সফলতাৰে দায়িত্ব সম্পন্ন কৰাৰ পাছত তেওঁ ২০০৪ ৰ পৰা ২০১৪ লৈ দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।১৯৯১ চনৰ পৰা ২০১৯ চনলৈ ড০ মনমোহন সিঙে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। উল্লেখ্য শেহতীয়াকৈ অসুস্থ অৱস্থাতো তেওঁ হুইল ছেয়াৰত বহি সংসদৰ আস্থা ভোটৰ সময়ত আহি ৰাজ্যসভালৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ড০ মনমোহন সিঙক শেহতীয়া সংসদৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ দায়িত্বশীলতা, কৰ্তব্যনিষ্ঠা আদিৰ বাবে মুকলিকৈ প্ৰশংসা কৰিছিল।