ৰাজ্যসভাত সাংসদৰ আসনত উদ্ধাৰ টকাৰ বাণ্ডিল

ৰাজ্যসভাত সাংসদৰ আসনত উদ্ধাৰ টকাৰ বাণ্ডিল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাত নিয়মীয়া তালাচীৰ সময়ত কংগ্ৰেছ সাংসদৰ আসনত টকাৰ বাণ্ডিল উদ্ধাৰ হোৱাৰ পাছতে  তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।ৰাজ্যসভাৰ মজিয়াত এই ঘটনাক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধৰ ফলত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। চলিত সংসদৰ শীতকালীন অধিৱেশনত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নিয়মীয়া তালাচীৰ সময়ত কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিৰ আসন নং ২২২ৰ পৰা টকাৰ বাণ্ডিল উদ্ধাৰ হোৱা বুলি ঘোষণা কৰাৰ লগে লগেই ৰাজ্যসভা উত্তাল হৈ পৰে। সভাপতি ধনখড়ে প্রকাশ কৰা মতে, বৃহস্পতিবাৰে উচ্চ সদনৰ নিৰাপত্তাৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীৰ আসনত টকাৰ বাণ্ডিল উদ্ধাৰ হয়। তেলেংগানাৰ ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভিৰ বাবে আবণ্টিত ২২২নং আসনত টকাৰ বাণ্ডিল উদ্ধাৰ হৈছে। এই বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈছে আৰু তদন্তৰ নির্দেশ দিয়া হৈছে। তদুপৰি সভাপতিগৰাকীয়ে কয় যে সদনৰ ভিতৰত টকাৰ বাণ্ডিল অনাটো সঠিক নহয়। গতিকে ইয়াৰ অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। উপ-সভাপতিগৰাকীয়ে বিৰোধী সাংসদৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতেই উচ্চ সদনত বিৰোধী দলপতি মল্লিকার্জুন খার্গেই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে তদন্ত সম্পূর্ণ নোহোৱাকৈ সভাপতিয়ে সদস্যৰ নাম লোৱাটো উচিত হোৱা নাই। আনপিনে কংগ্রেছ সাংসদ অভিষেক মনু সিংভিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপতি অভিযোগ খণ্ডন কৰি কয় মই এতিয়ালৈকে কেতিয়াও শুনা নাছিলোঁ। ৰাজ্যসভালৈ গ’লে মই এখন ৫০০ টকীয়া নোট লৈ যাওঁ। প্ৰথমবাৰৰ বাবে এনে ঘটনা শুনিছোঁ। মই সদন দিনৰ ১২.৫৭ বজাত পাইছিলোঁ আৰু এক বজালৈ সদনত আছিলোঁ। পিছত মই ডেৰ বজালৈকে কেন্টিনত বহি সদন এৰিছিলোঁ।  মাত্র তিনি মিনিটৰ বাবে মই সদনত আছিলোঁ। কেন্টিনত আছিলোঁ ৩০ মিনিট। মোৰ বিৰুদ্ধে এনে অভিযোগ অনাক লৈ আচৰিত হৈছোঁ। কংগ্ৰেছে সভাপতিগৰাকীয়ে অনা অভিযোগ সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে আদানিৰ বিষয়টো তল পেলাবলৈ এনে গুৰুতৰ অভিযোগ অনা হৈছে। যদি কোনোবাই ৫০ হাজাৰ টকা নিজৰ লগত আনে, সেয়া অপৰাধো নহয়। কংগ্ৰেছৰ প্ৰতিনিধিয়ে সভাপতি ধনখড়ক সাক্ষাৎ কৰি কোনো সংস্থা নতুবা জেপিচিৰ দ্বাৰা এই বিষয়টো তদন্ত কৰিবলৈ আহ্বান জনাইছে। আনপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই বিষয়টো অতি গুৰুতৰ বুলি উল্লেখ কৰি সদনৰ মৰ্যাদা হ্রাস কৰা বুলি সমালোচনা কৰিছে