ৰাজ্যত দিল্লী চৰকাৰৰ উন্নয়নৰ মডেল প্ৰৱৰ্তনৰ লক্ষ্য ‘আপ’ৰ
মৰিয়নিত আপৰ সভাত মনোজ ধানোৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- “অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া কংগ্ৰেছ শাসনৰ অভিজ্ঞতা আছে। বিগত দিনত ৰাইজে বিজেপিকো শাসনত অধিষ্ঠিত কৰিছে। কিন্তু ৰাইজে আশা কৰা অনুসৰি উন্নয়ন হোৱা নাই। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা পুতৌজনক। বৰ্তমানৰ চৰকাৰৰ দিনত ৮ হাজাৰতকৈ অধিক চৰকাৰী স্কুল বন্ধ হৈছে। পঞ্চায়তৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে৷ সভাত হৰিদাস বাউৰী আৰু মহাবীৰ বাস্কেৰ তৎপৰতাত তিনি শতাধিক লোকে আপত যোগদান কৰে ৷ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হাতত ঝাড়ু লৈ সকলোকে গাঁৱে গাঁৱে, পঞ্চায়তে পঞ্চায়তে সোমাই যাবলৈ আহ্বান জনায় ৷ ধানোৱাৰে কয়, আম আদমি পাৰ্টীৰ ঝাড়ুয়েহে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি দলৰ চৰকাৰে এৰি যোৱা লেতেৰাবোৰ নিকা কৰিব পাৰিব ৷ সভাত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দল সলনা সলনিকৈ ক্ষমতালৈ আহিবৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু এই দুটা দলৰ চৰকাৰ শাসনত থাকিলে ৰাইজৰ মৌলিক সমস্যা সমাধান নহয় ৷ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হ’লেহে ৰাইজ সমস্যাৰ পৰা মুক্ত হ’ব বুলি তেওঁ বক্তব্যত প্ৰকাশ কৰে ৷ আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমূহ আপৰ দখললৈ আনিবৰ বাবে দলক আঁকোৱালি ল’বলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ ২০২৬ ৰ নিৰ্বাচনত মৰিয়নি বিধানসভা সমষ্টিৰ পৰা যাতে আপৰ বিধায়ক নিৰ্বাচিত কৰি পঠাব পাৰি তাৰ বাবে তেওঁ ৰাইজৰ আৰ্শীবাদ বিচাৰে ৷ সভাত আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতীয়া, আপৰ নেতা সূৰ্যমোহন দাস, ছাহিল হাজৰিকা, নিজু দিহিঙ্গীয়া, পল্লৱ শইকীয়া, সুদীপ্ত ছেও, উদয় বৰা আদি উপস্থিত আছিল ৷ সভাৰ আৰম্ভণিতে অঞ্চলটোৰ স্থানীয় যুৱক – যুৱতীসকলে ছাওৰা আৰু উৰিয়া নৃত্য প্ৰদৰ্শন কৰে ৷