ৰাজ্যত আছে পাঁচ শতাধিক শিক্ষকবিহীন বিদ্যালয়

ৰাজ্যত আছে পাঁচ শতাধিক শিক্ষকবিহীন বিদ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যত শিক্ষকবিহীন বিদ্যালয় সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত দাঙি ধৰা তথ্য নাকচ কৰিছে। চানমাৰিস্থিত শিক্ষক ভৱনত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তথা গুৱাহাটী মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আয়োজিত বিশেষ শৈক্ষিক অভিৱর্তনত ভাষণ দি শিক্ষক সংগঠনটোৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে শিক্ষামন্ত্রীয়ে সদনত মাত্র তিনিখনহে শিক্ষকবিহীন বিদ্যালয় ৰাজ্যত থকা বুলি দিয়া তথ্য সম্পূর্ণৰূপে মিছা। কেৱল শিলচৰ আৰু দুধনৈ শিক্ষাখণ্ডতে মুঠ ৪১খন  শিক্ষকবিহীন বিদ্যালয় আছে। যদি অসমৰ আটাইবোৰ শিক্ষাখণ্ডত চোৱা হয় তেন্তে এই সংখ্যা পাঁচ শতাধিক হ’ব। বর্তমানে বিদ্যালয়সমূহত থকা সমস্যাসমূহ শীঘ্রে সমাধান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।  উল্লেখ্য যে বিশেষ শৈক্ষিক অভিবর্তনত ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু বাস্তৱতাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়। বিশেষকৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ অভাৱ, বিভিন্ন উৎসৱ পালনৰ নামত হোৱা পাঠ্যক্ৰমৰ পাঠদানত ক্ষতি, সময়মতে সকলো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ নকৰা, স্নাতক শিক্ষকৰ গ্রেড পে’ ৮,৭০০ টকা ঘূৰাই দিয়া, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্রদান, মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা বছৰি অনুষ্ঠিত কৰা, বিশেষ নিযুক্তি প্রক্রিয়াৰে নিযুক্ত শিক্ষকৰ প্ৰাপ্য আদায় দিয়া আদি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰাৰ লগতে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰতো কেবিনেট সিদ্ধান্ত কার্যকৰী কৰা সম্পর্কত বিশেষ শৈক্ষিক অভিবর্তনে পর্যালোচনা কৰে। তদুপৰি বিশেষ শৈক্ষিক অভিবর্তনত গৃহীত ৬টা প্রস্তাৱ অহা ১০ মার্চত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থকা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰধান সম্পাদক উৎপল চক্রবর্তী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি দ্বীপেন শর্মা, প্রাক্তন শিক্ষক অমলেশ বৈশ্য, ডিমৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ফণীচৰণ কাকতি, সোণাপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শোভন ফুকন, এছএফআইৰ ৰাজ্যিক সম্পাদিকা সংগীতা দাসকে ধৰি অভিভাবক সংগঠনৰ প্রতিনিধিসকল উপস্থিত থাকি প্রাথমিক বিদ্যালয়ৰ সমস্যাসমূহ সন্দর্ভত আলোকপাত কৰে। উল্লেখ্য যে বিশেষ শৈক্ষিক অভিবর্তনখনত সভাপতি মণ্ডলীৰ দায়িত্ব পালন কৰে গুৱাহাটী মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি বিমল কলিতা আৰু প্রাক্তন সম্পাদক প্রদীপ কলিতাই।