ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত অসম জাতীয় পৰিষদৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয় চেতনাৰে উদ্বুদ্ধ, জনপ্ৰিয় কন্ঠশিল্পী ৰাজীৱ শদীয়াৰ আকস্মিক মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত কয় যে জাতি, মাটি আৰু মানুহৰ লগত সম্পৃক্ত হৈ, মঞ্চই মঞ্চই নিজৰ কণ্ঠৰে জাতীয় চেতনাৰে মানুহক উজ্জীৱিত কৰি অহা সকলোৰে মৰমৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ বিয়োগ জাতীয় জীৱনৰ বাবেই এক শোকৰ খবৰ ৷ বিপ্লৱী গীতেৰে জনতাক উদ্বুদ্ধ কৰা জনতাৰ আপোন শিল্পীগৰাকীয়ে গীতৰ জৰিয়তে অসমবাসীৰ চেতনাক আলোড়িত কৰিবলৈ সদায়েই প্ৰয়াস কৰিছিল৷ অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা সংকটৰ সময়বোৰত আপোচবিহীন দৃঢ়তাৰে গীতৰ মাজেৰেই জনতাক জাগ্ৰত কৰাত ৰাজীৱ শদীয়াই আগবঢ়োৱা অৱদান যুগে যুগে স্মৰণীয় হৈ ৰ’ব। দলে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে ৷