ৰাজীৱ ভৱনত ৰাজ্যিক সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি মাৰ-পিট

ৰাজীৱ ভৱনত ৰাজ্যিক সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি মাৰ-পিট

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ৰাজ্যিক সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি মাৰপিট।জীনছ বৰা নামৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীক মাৰপিটৰ অভিযোগ। সতীৰ্থৰ আক্ৰমণত  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱ কংগ্ৰেছৰ নেতাগৰাকী। জানিব পৰা মতে  গুৱাহাটীৰ ৰাজীৱ ভৱনত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট সংঘটিত হয়। NSUIৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে । জীনছ বৰা নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। আক্ৰমণকাৰীয়ে জীনছ বৰাৰ মূৰত বেয়াকৈ প্ৰহাৰ কৰে। যাৰ বাবে সভাপতি প্ৰাৰ্থীগৰাকীৰ মূৰৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হয়। তথ্য অনুসৰি আক্ৰমণকাৰী দুই অভিযুক্তৰ নাম মিঠু আহমেদ আৰু প্ৰিন্স বৰা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জীনছ বৰাক লগে লগে GMCHত ভৰ্তি কৰোৱা হৈছে। বন্ধ কোঠাত জীনছ বৰা উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ দুই অভিযুক্তৰ বিৰুদ্ধে। ইফালে ঘটনা সন্দৰ্ভত অভিযুক্ত মিঠু আহমেদ আৰু প্ৰিন্সক আটক কৰিছে আৰক্ষীয়ে।ইফালে মাৰপিটৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞাই। যুৱ কংগ্ৰেছৰ নেতা মিঠু আহমেদ আৰু প্ৰিন্স বৰাই প্ৰহাৰ কৰাৰ কথা উল্লেখ। সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।  ঘটনা উচিত তদন্তৰ আহ্বান প্ৰিন্স বৰাৰ মাতৃৰ।  তদন্তৰ বাবে ৰাজীৱ ভৱনলৈ যাব আৰক্ষী। ইফালে দুই আক্ৰমণকাৰী মিঠু আহমেদ আৰু প্ৰিন্স বৰাক আটক কৰি ভঙাগড় থানা সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।