ৰাজীৱ ভৱনত হাতে হাতে মমবাতি লৈ সমদল
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ গৌৰৱ মহিলা মল্লযুঁজাৰু সকলে তেঁওলোকৰ ওপৰত কৰা যৌন উৎপীড়নৰ বিৰুদ্ধে দিল্লীৰ সাংসদ মাৰ্গৰ যন্তৰ-মন্তৰত যোৱা ১৬-১৭ দিন ধৰি যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, সেই ভগ্নীসকলে যাতে ন্যায় পায় তাৰেই সমৰ্থনত গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত আজি সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক ‘হাতে হাতে মমবাতি লৈ সমদল’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচী সম্পৰ্কে অসমৰ লগতে দেশৰ জনসাধাৰণৰ মাজত এক আলোড়নৰ সৃষ্টি হয়৷এই কাৰ্যসূচীত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ,গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী গীতালী দাস আদি কেইবাজনো মহিলা নেত্ৰী উপস্থিত থাকে৷