ৰাজীৱ ভৱনত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ প্ৰতি কৰা অসৌজন্যমূলক মন্তব্যৰ বাবে সমগ্ৰ দেশজুৰি কংগ্ৰেছে প্ৰতিকৃতি দাহ কৰে৷ নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশ অনুযায়ী অসমতো প্ৰদেশ কংগ্ৰেছে অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজীন ভৱনত দিনৰ ১ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰা হয়৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ প্ৰদেশ কংগ্ৰেছৰ কেবাগৰাকী নেতা-নেত্ৰীৰ উপস্থিতিত ৰাজীৱ ভৱনৰ সন্মুখত জিএছ ৰোডত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়ে৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে শ্বাহৰ পুত্তলিকা দাহ কৰি বিজেপিক হুছিয়াৰ কৰি দিয়ে৷ দেৱব্ৰত শইকীয়াই বিজেপি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ কৰি কয় যে বাবাচাহেব আম্বেদকাৰে দীঘলীয়া সময় ধৰি কষ্ট কৰি যি সংবিধান আমাক দি গ’ল এই সংবিধানে বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিছে৷ তেওঁলোকৰ বাবে বাবাচাহেব আম্বেদকাৰ ভগৱান সদৃশ৷ দেশৰ সংবিধান নিৰ্মাতাগৰাকীৰ প্ৰতি কৰা অসৌজন্যমূলক মন্তব্যই সমগ্ৰ দেশবাসীক আঘাত দিয়া বুলিও উল্লেখ কৰিছে শইকীয়াই৷ পুত্তলিকা দাহ কাৰ্যসূচীত কেইবা শতাধিক নেতা-কৰ্মী আৰু সমৰ্থকৰ লগতে প্ৰাক্তন সাংসদ বলীন কুলি, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা উপস্থিত থাকে৷