ৰাজহুৱা সত্ৰ (নামঘৰ)ত পালনাম মহোৎসৱ

ৰাজহুৱা সত্ৰ (নামঘৰ)ত পালনাম মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত আজি সমাৰোহ অনুষ্ঠানত স্মৃতিগ্ৰন্থ ‘পাঞ্চজন্য’ উন্মোচন কৰা হয়৷অনুষ্ঠানত লেখক, সাংবাদিক কমল কুমাৰলৈ আগবঢ়োৱা হয় সমন্বয় বঁটা৷ অনুষ্ঠানত সমাজ সেৱক সুৰেন্দ্ৰ কুমাৰ গোৱেল আৰু সমাজসেৱিকা কণিকা পাঠকলৈও বঁটা আগবঢ়োৱা হয়।বিশিষ্ট লেখক,প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকৰে সভাপতিত্ব কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকা, বকোৰ আউনীহাটী সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ দাস অধিকাৰী।শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপে পৰিচালনা কৰা উক্ত অনুষ্ঠানত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ, সেৱাশ্ৰম নিৰ্মাণৰ ক্ষেত্ৰত আৰ্থিক অনুদান আৰু সহযোগিতা আগবঢ়োৱা ৪৯ গৰাকী ব্যক্তিলৈ বিশেষ সম্বৰ্ধনা আগবঢ়োৱাৰ উপৰিও অসমৰ ভিন্ন স্থানৰ পৰা আহি পালনামত অংশগ্ৰহণ কৰা ২৫ টা নামতি দলক সম্বৰ্ধনা জনোৱা হয়।পালনাম মহোৎসৱৰ আজিৰ কাৰ্যসূচীত পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন মেধি, সম্পাদিকা গীতিমা ডেকা, ১৪ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা, সাংবাদিক ডিম্পী ভৰালীৰ লগতে বৃহত্তৰ কুমাৰপাৰা অঞ্চলটোৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।