ৰাজপথত ছেণ্ডেলেৰে গাড়ী চালকক প্ৰহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰ বিধায়ক আৱাসত ঘটিছে এক সাংঘাতিক কাণ্ড ৷ এগৰাকী লোকক আঠু কঢ়াই ছেণ্ডেলেৰে কোবালে এগৰাকী মহিলাই । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ চৰকাৰী আৱাসৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে । প্রাক্তন মুখ্যমন্ত্ৰীৰ গাড়ীচালক হিচাপে নিয়োজিত ৰাজীৱ হুছেইন নামৰ এজন লোকক দেওবাৰে ছেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহৰ চৌহদত সংঘটিত কৰা এই কার্য বন্দী হ’ল কোনো এজন লোকৰ ম’বাইলত। পৰৱৰ্তী সময়ত ম’বাইল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে প্রজ্জয়িতা মহন্তৰ কর্মকাণ্ড। সততে বিতর্ক সৃষ্টি কৰি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ কন্যাৰ কর্মকাণ্ডই চৌদিশে ক্ষোভৰ সৃষ্টি কৰাই নহয় চৰকাৰী কৰ্মচাৰীৰ ওপৰত চলোৱা এনে অত্যাচাৰক লৈও সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া। ইফালে মহন্তৰ কন্যাই সমগ্র ঘটনা সন্দৰ্ভত আত্মপক্ষৰ সমর্থনত উল্লেখ কৰা অনুসৰি তেওঁৰ দ্বাৰা প্ৰহৃত হোৱা ৰাজীৱ হুছেইন লোকজন তেওঁলোকৰ ব্যক্তিগত গাড়ীচালক। প্রায়ে সুৰাপান কৰি এই চালকজনে প্রজ্জয়িতা মহন্তৰ প্ৰতি অশোভনীয় ব্যৱহাৰ কৰি আহিছে। মহন্তৰ কন্যাই এই সন্দৰ্ভত কয়- সুৰাপান কৰি মোৰ কোঠাৰ দুৱাৰত টোকৰ মাৰে। বহুদিন ধৰি তেওঁক সকীয়াই দিয়াৰ পিছতো চৰিত্ৰ শুধৰণি কৰা নাছিল। চূড়ান্ত আতিশয্য হোৱাৰ পিছতে মই এই পদক্ষেপ গ্রহণ কৰিলোঁ। এই ব্যৱহাৰৰ বাবে মই ক্ষমাপ্রার্থী। ইফালে, সমগ্র বিষয়টোক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া। মহন্তৰ কন্যাৰ আচৰণ সঠিক নহয় বুলি বহু তলতীয়া কৰ্মচাৰীয়ে অভিযোগ কৰাৰ লগতে ৰাজীৱ হুছেইনৰ বিৰুদ্ধে অশোভনীয়া আচৰণৰ অভিযোগ আছিল যদি আৰক্ষীক অৱগত নকৰি নিজেই কিয় আইন হাতত তুলি ল’লে বুলি প্রশ্ন উত্থাপন হৈছে। বিধায়ক আৱাসৰ প্ৰাংগণত এনেধৰণে চৰকাৰী কৰ্মচাৰী এজনক ছেণ্ডেলেৰে প্ৰহাৰ কৰি দৰাচলতে মহন্তৰ কন্যাই ক্ষমতাৰ অপব্যৱহাৰ কৰাই নহয় তেওঁৰ আচৰণ কোনো কাৰণতে গ্রহণযোগ নহয় বুলি কৰ্মচাৰীসকলে প্রতিক্রিয়া প্রকাশ কৰিছে।