‘ৰাজনীতি’ ভাল নে বেয়া!
সত্যজিৎ গগৈ, কলিয়াবৰ
বৰ্তমান সময়ত বহুল ভাৱে চৰ্চিত এটা বিষয় হৈছে ৰাজনীতি।আচলতে কি নো এই ৰাজনীতি?ৰাজনীতিৰ সীমাবদ্ধতা ক’ত?কিয় লাগে ৰাজনীতি?এনেধৰণৰ এহোপামান প্ৰশ্নই আমাৰ মনত অহৰহ ক্ৰীড়া কৰি আছে।পিচে ইয়াৰ উত্তৰ পোনপটীয়াকৈ কোনোৱেই দিব নোৱাৰে।প্ৰকৃততে ৰাজনীতি সমাজৰ ভালৰ কাৰণেহে হ’ব লাগে।কিন্তু বৰ্তমানৰ ৰাজনীতিয়ে সচেতন মহলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।আজিৰ তাৰিখত গণতন্ত্ৰক চেৰাই গৈ ব্যক্তিগত শত্ৰুতাৰ ৰাজনীতি,শিক্ষানুষ্ঠানত ৰাজনীতি,ককাই-ভাইৰ মাজত ৰাজনীতি,মহিলাৰ ৰাজনীতি,দুৰ্নীতি বিষয়ক ৰাজনীতি আদিয়েহে প্ৰাধান্য পোৱা দেখা যায়।যাৰ ফলত নিজৰ ঘৰখনৰ পৰা আদি কৰি সমাজখনলৈকে বিশৃংখলতাই দেখা দিছে।চৰকাৰ যি দলৰেই নহওক কিয়,সাধাৰণ মানুহক ঠগি খাব পাৰিলেই হ’ল।সেয়েহে বহুতে বৰ্তমানৰ ৰাজনীতিক লেতেৰা বুলি ক’বলৈও কুণ্ঠাবোধ নকৰা হ’ল।যি ৰাজনীতিয়ে দৈনন্দিন জীৱনত এখন ঘৰত বা এটা পৰিয়ালত কন্দলৰ সৃষ্টি কৰে,যি ৰাজনীতিয়ে শিক্ষানুষ্ঠানত সুস্থ বাতাবৰণত শিক্ষা গ্ৰহণৰ সুবিধা নিদিয়ে,যি ৰাজনীতিয়ে মানুহক কৃষি কৰ্ম কৰি স্বাৱলম্বী হ’বলৈ নিশিকাই,যি ৰাজনীতিয়ে সমাজলৈ বিভাজন আনে,যি ৰাজনীতিয়ে জনগণক পুতলাৰ দৰে নচুৱাই ভাল পায়,যি ৰাজনীতিয়ে দেশত মূল্যবৃদ্ধিকে আদি কৰি ডাঙৰ ডাঙৰ অপৰাধ সমূহ লুকুৱাই ৰাখে,যি ৰাজনীতিয়ে দুৰ্নীতি ঢাকিবলৈ গিৰগিটৰ দৰে সঘনাই ৰং সলাই,যি ৰাজনীতিয়ে দেশৰ সম্পদ সমূহ বহিৰাগতক বিক্ৰী কৰিবলৈ ভাল পায়,যি ৰাজনীতিয়ে গণতন্ত্ৰক হত্যা কৰিবলৈও ভয় নকৰে,তেনে ৰাজনীতিয়ে এদিনৰ বাবে চমক দেখুৱাবলৈ কৰা ভাল কামৰ ফটা ঢোল বজাই কিবা লাভ হ’ব জানো! ৰাজনীতিয়ে মানুহক ইতিহাস পঢ়ি জ্ঞানী হ’বলৈ সুবিধা নিদিয়ে।বৰঞ্চ বুৰঞ্জী বিষয়টোক পাঠ্যপুথিৰ পৰা আঁতৰাইহে দিছে।মহিলা সকলক মাহে মাহে বিভিন্ন আঁচনি দিছে।ই নিতান্তই ভাল কথা।কিন্তু তাৰে বহু মহিলাই বিনামূলীয়া টকাকেইটা পাই জেষ্ঠ জনক সন্মান কৰিবলৈ পাহৰিলে,নিজৰ স্বামীক ভৰিৰ তলত ৰাখিবলৈ শিকিলে,খেতি-বাতি কৰিবলৈ পাহৰিলে,ঘৰত নিজৰ ল’ৰা ছোৱালীক পঢ়োৱাৰ বাদে শৰীৰৰ আধা অংশ উলিয়াই ম’বাইলত ৰিল্চ্ বনাই একে ৰাতিতে জনপ্ৰিয় হোৱাৰ সপোন দেখিলে,নিজৰ স্বামী থকাৰ পিচতো পৰ পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ শিকিলে।তদুপৰি শিক্ষানুষ্ঠান সমূহত বিভিন্ন চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দি ছাত্ৰ-ছাত্ৰী সকলক পঢ়াৰ পৰা আঁতৰত ৰাখিবলৈ ল’লে।শিক্ষক সকলকো দৈনিক চৰকাৰী কাম কাজত জড়িত কৰিবলৈ ল’লে। শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ছাত্ৰী সকলক পইচাৰ সপোন দেখুৱাই মন মগজু নষ্ট কৰিবলৈ ল’লে।তাতকৈ সেইবোৰ টকাৰে শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁঠনি উন্নত কৰা,ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া,অন্য দেশৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক্ষাৰ গুণগত মান নিৰূপণ কৰি সু-পৰিকল্পনাৰে শিক্ষানীতি গ্ৰহণ কৰিব লাগিছিল।অন্যহাতে বহু অশিক্ষিত লোক,চুৰ,ডকাইত,সন্ত্ৰাসবাদীআৰু জ্ঞানশূন্য মানুহে ৰাজনীতিৰ পথাৰখন ভৰি আছে।যাৰ বাবে ৰাজনীতিয়ে কৰিব লাগিছিল কি আৰু কৰি আছে কি?মদৰ দোকান বৃদ্ধি কৰি দাম বৃদ্ধি কৰিছে,কিন্তু বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ কৰিছে।নতুনকৈ চিকিৎস্যালয় পাতিছে কিন্তু চিকিৎসক আৰু প্ৰয়োজনীয় আহিলা-পাতি নাই।বৰঞ্চ ঔষধৰ হে দাম বৃদ্ধি কৰিছে।যিটো সময়ত ৰাজনীতিয়ে জনতাক কৃষি কৰ্ম কৰি খাবলৈ শিকাব লাগিছিল।সেইটো সময়ত জনতাৰ জীৱনৰ মূল্যৱান সময়খিনি কাঢ়ি লৈ মেলে-মিটিঙে ঘূৰাই লৈ ফুৰি পছা চাউল খুৱাই আছে।যদি শিক্ষাৰ্থী সকলক পঢ়িবলৈ নিদিয়ে,জ্ঞানী হ’ব কেনেকৈ?যদি পঢ়ি জ্ঞানী হয়।তেতিয়া বৰমূৰীয়া সকলক প্ৰশ্ন কৰিব আৰু তেওঁলোকৰ সান্দহ খোৱা বাতি তল যাব!মানুহক কৰ্ম কৰিবলৈ নিদি এলেহুৱা কৰিছে।যিদৰে চাহ খেতি কৰিবলৈ অনা বনুৱা সকলক মদ,কানি,ভাং,নিমখ চাহ আদি খুৱাই মাথা নষ্ট কৰিছিল।মুঠতে বৰ্তমান সময়ত ৰাজনীতিক কোনো কাৰণতেই ভাল বুলি ক’ব নোৱাৰি।যিমানেই ভাল কৰিছে।তাতকৈ তিনিগুণ বেয়াহে কৰিছে।এইয়া হয়তো সময়ৰ আহ্বান।পৰৱৰ্তী সময়ৰ ৰাজনীতি হে লক্ষণীয় হ’ব।