ৰাঙলী শিমলু, মদাৰৰ সৈতে বাউলী ফাগুন – মিনাক্ষী হাজৰিকা

PC - Dainik Agradoot
ৰাঙলী শিমলু, মদাৰৰ সৈতে বাউলী ফাগুন
মিনাক্ষী হাজৰিকা, দেওমৰনৈ
(১) ফাগুন আৰু শিমলু,মদাৰৰ ৰঙাখিনি
সেই যে শিমলু মদাৰৰ ৰঙাখিনি । হয়তো সেয়াই দি যায় আমাক ফাগুনৰ বতৰা। একেবাৰেই এটা ব্যতিক্রমী মাহ ফাগুন। এয়া সময় হ’ল আকাশ ৰাঙলী হোৱাৰ। এয়া সময় হ’ল সকলোৰে মন প্ৰাণ উতলা হোৱাৰ। সকলোৰে মন ৰঙীন হোৱাৰ। আকাশলৈ চালেই যেন সকলো ফালে ঢাকি ধৰে ৰঙাৰ আবিৰে।লঠঙা বিৰিখবোৰৰ মাজত শিমলু মদাৰকেইজোপাই যেন নিজ আনন্দত ৰাঙলী হয়। যেন যুগ যুগান্তৰলৈকে এনেদৰে ৰাঙলী হৈয়েই থাকিব। এয়া হৈছে প্ৰকৃতিৰ সৃষ্টি, এয়া ফাগুন হৈছে আয়োজন। ফাগুন বুলি কলেই আমাৰ মনলৈ আহে ৰঙৰ মাহ। ফাগুনৰ এই ৰঙে প্ৰেম- সম্প্ৰীতি গঢ় লয় । ডেকা গাভৰুৰ মনত প্ৰেমে এক বিচিত্ৰ ৰূপ  লয় । গছৰ ডালত পৰা বিহগী কাকলিৰে মুখৰিত হয় চাৰিওদিশ। ফাগুনৰ পচোৱা বতাহৰ সৈতে ধুসৰিত হয় সকলোৰে মন প্ৰান।লগতে ফাগুনৰ ৰঙত মতলীয়া হ’য় সকলোবোৰ।ফাগুনৰএই পচোৱা বতাহৰ কথা কলেই মনত পৰে অংগৰাগ মহন্তৰ কন্ঠৰে নিগৰিত গীতৰ কলিটোলৈ-
“মন মোৰ উৰি গুছি যায়
কি জানো পাইও হেৰুৱায়
ফাগুনৰ উৰনীয়া বা
আলসুৱা কহুৱাৰে ছাঁ।”
সচাঁকৈয়ে যেন ফাগুনৰ উৰনীয়া বতাহত মন-প্ৰান কলৈ উৰি গুচি যায় ধৰিব নোৱাৰি। ধ্বংসৰ পাছত যেনেকৈ সৃষ্টি হয়। তেনেকৈ গছ-লতা,বন সকলোবোৰ ফাগুনৰ পৰস পায়েই লঠঙা হৈ পৰে।কিন্তু তাৰ পাছতেই ফাগুনৰ পৰস পায়েই আগমন ঘটে নতুনত্বৰ। পলাশ,শিমলু,মদাৰৰ ৰঙক আদৰি আনে ফাগুনে। এয়াই হৈছে প্ৰকৃতিৰ ভিন্ন ৰূপ। অসমীয়া মাহবোৰৰ ভিতৰত এক অন্যতম মাহ যেন ফাগুন।অন্যতম এটি ঋতু।
(২)ফাগুন আৰু প্ৰেমৰ অনুভৱ
ফাগুন মানেই আচলতে প্ৰেম। ফাগুনে ধৰালৈ নমাই আনে প্ৰেমৰ বতৰা। সকলোকে বুৰাই পেলায় প্ৰেমৰ ৰঙীন বৃষ্টিত। ফাগুনৰ এই ৰঙত ৰঙীন হয় ডেকা গাভৰুৰ মন। সকলোৰে অপেক্ষা যেন ফাগুনলৈ। সকলোৰে হেপাহ যেন ফাগুনৰ প্ৰেমত মতলীয়া হোৱাৰ।আৰু হেপাঁহ যেন শিমলু,মদাৰ,পলাশৰ  ৰঙাখিনিৰ মাজত নিজকে বিলীন কৰি দিয়াৰ। সেয়েহে ফাগুনৰ হেনো কুৰিটা নাম। সকলোৱে ফাগুনক বেলেগ বেলেগ নামেৰে অভিহিত কৰে। উন্মনা ফাগুন,বলীয়া ফাগুন, উতলা ফাগুন, পছোৱা ফাগুন,প্ৰেমিক ফাগুন ইত্যাদি ইত্যাদি। ফাগুন মানে কেৱল প্ৰেমেই নহ’য়। ফাগুন বুলিলে আমাৰ মনলৈ আহে পছোৱা বতাহ। ফাগুনৰ এই পছোৱা বতাহত উৰুৱাই নিয়ে ঘৰ-দুৱাৰ, ধুলি-বালি। লগতে দি যায় বৰদৈচিলাৰ বাতৰি। ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি।ফাগুন মাহত কেইবাটাও উৎসৱ-পাৰ্বণো পালন কৰা হ’য়। ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আলি-আয়ে লৃগাং উৎসৱ মিচিং সকলে পালন কৰে।নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়।ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে।আনন্দ-উৎসৱ ৰং ৰহইচেৰে আলি আয়ে লৃগাং উদযাপন কৰে মিচিং ভাই ভনীসকলে। উতলা ফাগুনে যেন আলি আয়ে লৃগাংক প্ৰদান কৰিছে এক অনন্য মাত্রা।