ৰাঙলী মদাৰ –  ইভা গন্ধীয়া ফুকন

ৰাঙলী মদাৰ

 ইভা গন্ধীয়া ফুকন

ফুলিছে ৰাঙলী মদাৰফুল
পাতে ফুলে ঢাকি ৰাখিছে সময়
তলে তলে বৈ আছে উৎকণ্ঠা, শিহৰণ
মোৰ বুকু জুৰি
কোনে আহি ৰিঙিয়াই
মদাৰ ফুলৰ অলংকাৰ পিন্ধি
ফাগুনে আহি ভূমুকিয়াই
বুকুত কিবা এটা গোপনে শিপাই গৈছে
খামুচি খামুচি
ডালে -পাতে ঠালে – ঠেঙুলিয়ে পোখাইছে
দুচকুত উৎকণ্ঠা
তলসৰা মদাৰফুলে স্মৃতিৰ সঁফুৰা খোলে
ধূলিয়ৰি পচোৱা
কোবাই যা দুখৰ ধামখুমীয়া
নাও লৈ নাবিকজন দূৰণিলৈ ভটিয়াই
থুনুকা মাটিকলহ বেচিবলৈ যায়
নৈ পাৰৰ ৰাঙলী মদাৰে মন জুৰায়
বাৰীৰ ঢাপত মদাৰ গছত বগোৱা পান
খাবলৈ ভাল
কাঁইটে আৱৰা ডালৰ পৰা পাৰিবলৈহে টান
গীতে- মাতে শোভিত ৰাঙলী মদাৰ
গুণ নহ’লেও ৰূপতেই জিলিকি
ৰাঙলী মদাৰ হৈ আছে নিজৰ স্থিতিত প্ৰকৃতি শুৱাই
দহি বটা পাখিৰ আলসুৱা পখিলা ফুলৰ বুকুত
ৰদৰ দেহ ঐশ্বৰ্য, সৌন্দৰ্য বৰদৈচিলাই আঁচুৰে
বৰষা ৰাণীয়েও তোৰ দুখ নুবুজে
মদাৰৰ ৰঙাখিনিত আছে পপীয়া তৰাৰ সাধু
স্বপ্নকাতৰ লেটা এটা হৈ জীয়াম
গালে মুখে কৃষ্ণচুড়া ফুলাই
ফাগুনক ৰাখিম ধৰি মদাৰৰ দিনবোৰত ।