ৰাখী বন্ধন – ৰাজশ্ৰী শৰ্ম্মা

ৰাখী বন্ধন

ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও

ৰাখী বন্ধন ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।এইটো ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। প্ৰতি বছৰে শাওণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা আৰু ভাতৃয়ে ভগ্নীক গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে ভগ্নীয়ে ভাতৃ বা ককায়েকৰ পৰা উপহাৰো লয়।

এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে। পৌৰাণিক কাহিনী অনুসৰি এই উৎসৱৰ ইতিহাস মহাভাৰত যুগৰ সৈতে জড়িত। মহাভাৰত কালত সুদৰ্শন চক্ৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আঙুলি কাটি গৈছিল। তাৰ পাছত দ্রৌপদীয়ে কাপোৰ ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। সেইদিনা ভগৱানে দ্রৌপদীক ৰক্ষা কৰাৰ প্ৰতিশ্রুতি দিছিল। তেতিয়াৰ পৰাই ৰাখী বন্ধন পালন কৰি অহা বুলি কোৱা হয়।

আন এটি আখ্যানৰ মতে বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্রী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে।বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্রয় দিবলৈ ৰাজি হ’ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলাগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোঁতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক’লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয়।

আন কিছুমান গল্প অনুযায়ী,
১)চিত্তোৰৰ ৰাণী কৰ্ণৱতীয়ে গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে তেতিয়া বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰে আৰু মোগল সম্রাট হুমায়ুনলৈ এডাল ৰাখী পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে। ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে।

২)মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজা এটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্রীষ্টপূর্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্রথা প্রচলনহৈ আহিছে।

বৰ্তমান সময়ত ৰাখী বন্ধনৰ বিশেষ গুৰুত্ব আছে। কিন্তু দূৰত বাস কৰা ভাই- ভনীসকলৰ বাবে এই ৰাখী বন্ধনত লগ কৰাতো সম্ভৱ হৈ নুঠে। কিন্তু এই ৰাখী বন্ধনৰ সময়চোৱাত ইজনে সিজনত শুভেচ্ছা প্ৰেৰণ কৰে। আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত বহু ভাৰতীয়ই আজিকালি বিদেশত বসবাস কৰা সকলৰ বাবে অনলাইন অৰ্ডাৰ কৰিও ৰাখী নিদিষ্ট ঠিকনাত পঠিয়াব পৰা হ’ল।