ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ভোলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ বঁটা বিতৰণি সভা

ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ভোলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ বঁটা বিতৰণি সভা

জীৱন জুৰি কৰা সাধনাই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ সফলতা আনে

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয় ভোলাগাঁও আৰু ভোলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ আজি বঁটা বিতৰণি সভাখনি অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আচিৰ আলীয়ে আঁত ধৰা আৰু বিদ্যালয়দুখনৰ পৰিচালনা সমিতিৰ সভাপতি মঃ চিৰাজ আলীয়ে সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথি হিচাপে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড.নৰকান্ত অধিকাৰীয়ে অংশগ্ৰহণ কৰি কয় জীৱন জুৰি কৰা সাধনাইহে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ সফলতা আনে। বিদ্যালাভৰ বাবে অধ্যয়ন প্ৰয়োজন। এগৰাকী ছাত্ৰ বা ছাত্ৰীক মানুহ কৰিবলৈ মাতৃসকলৰ ভূমিকা আটাইতকৈ বেছি বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে এই ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মঃ চিৰাজ আলীৰ প্ৰশংসা কৰে। এই সভাতে মুখ্য অতিথি হিচাপে দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ অধ্যক্ষ ড. নৱজ্যোতি দাসে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি কয় শিক্ষা জ্ঞান প্ৰজ্ঞাৰ ওপৰত ভেটি নিৰ্মাণ হ’লেহে শক্তিশালী হয়। তেওঁ কয়-ক্লাছ কোনোদিন শেষ নহয়। শিক্ষাই মানুহক যুক্তিপূৰ্ণ হ’বলৈ শিকায়। ক্ষমতাক অনন্যভাৱে প্ৰয়োগ কৰিব পৰাটোৱেই শিক্ষা বুলি কয়। এই সভাত আন এগৰাকী বিশিষ্ট অতিথি আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ হংস চৌধুৰীয়ে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যি শিক্ষামূলক বক্তব্য প্ৰদান কৰে। শেষত সভাপতিৰ আসনৰ পৰা মঃ চিৰাজ আলীয়ে বক্তব্য প্ৰদান কৰি এই বিদ্যালয়খনৰ পৰা যোৱা ঊনৈশ বছৰ ধৰি প্ৰায় পাঁচশ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়ুৱাই আহিছে বুলি কয়। এই বিদ্যালয়খন আজিও চৰকাৰীকৰণ নোহোৱাত তেওঁ আক্ষেপ প্ৰকাশ কৰে। এই সভাতে দুয়োখন বিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমত প্ৰথম,দ্বিতীয় স্থান লাভ কৰা আৰু পাঠ্যক্ৰমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক নগদ ধনেৰে পুৰস্কাৰ জনোৱা হয়। এই বঁটাসমূহ প্ৰদান কৰে ক্ৰমে সুভাষ দাস,আইনুল আলী,চামচুদ্দিন আহমেদ, তুলবুল আলি,জমিৰ আলীয়ে। এই সভাত পিচত গীত মাত,জিকিৰ, বাল্য-বিবাহ নাট আদি পৰিৱেশন কৰা হয়।