ৰহস্য ভেদ – শুৱলা বৰ্মন

অণুগল্প

ৰহস্য ভেদ

শুৱলা বৰ্মন, গুৱাহাটী

স্বামীৰ অনুপস্থিতিত বোৱাৰী গৰাকী গৰ্ভৱতী হোৱাৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ মানুহে তেঁওক ঘৰৰ পৰা খেদি পঠিয়াইছিল। বোৱাৰী গৰাকীয়ে হোষ্টেলত পঢ়ি থকা ননদ গৰাকীক লগত লৈ কেইমাহমান আত্মগোপন কৰিছিল। পিছত ননদ গৰাকী ঘৰলৈ ঘূৰি আহিছিল।

কিছু মাহৰ পিছত স্বামী কামৰ পৰা ঘৰলৈ অহাত পত্নীয়ে কোলাত কেঁচুৱা লৈ ভিক্ষা খুজি থকা অৱস্থাত লগ পোৱাত আচল ৰহস্যৰ উমান পাইছিল।