ৰমেন চন্দ্ৰ বৰঠাকুৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি

ৰমেন চন্দ্ৰ বৰঠাকুৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক জেষ্ঠ ৰাজনৈতিক ব্যক্তিত্ব শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰক সৰ্বভাৰতীয় তৃণমূল কংগ্রেছ, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰূপে নিযুক্তি প্রদান কৰা হয়। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰায় দুই শতাধিক তৃণমূল কর্মীয়ে উষ্ম আদৰণি জনায় সভাপতিগৰাকীক। জয়ানগৰস্থিত দলৰ মুখ্য কার্যালয়ত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি নৱ-নিযুক্ত সভাপতি গৰাকীয়ে পোন প্ৰথমেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সাংসদ সুস্মিতা দেৱক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ লগতে তেখেতে কয় যে, “এতিয়াৰ পৰা তৃণমূল কংগ্ৰেছে অসম আৰু অসমীয়াৰ হকে যুঁজি যাব। স্বৈৰাচাৰী বিজেপিয়ে সাম্প্রদায়িক ৰাজনীতিৰে সমগ্ৰ অসমকেই বিভাজিত কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আহিছে, কিন্তু তৃণমূল কংগ্ৰেছে বৰাক-ব্ৰহ্মপুত্ৰ, সকলো জাতি-জনজাতি নির্বিশেষে সকলোৰে বাবে কাম কৰি যাব। অসমক পুনৰ বিভাজিত কৰিবলৈ তৃণমূল কংগ্ৰেছে আকৌ নিদিয়ে, আমি সমন্বয়ৰ কাৰণে কাম কৰিম। আমি এতিয়া যদি ভাষা-বৰ্ণৰ ৰাজনীতি কৰো তেন্তে অসমে কোনোদিনেই প্ৰগতিৰ দিশে আগবাঢ়িব নোৱাৰিব। অসমৰ যি ছয় জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্ৰধানমন্ত্ৰী মোডীয়ে যি প্রতিশ্রুতি দিছিল সেয়া কোনোদিন সমাধান ন’হল আমি তৃণমূল কংগ্ৰেছে ইয়াৰ বাবে মাত মাতি যাব আৰু সংসদত ইয়াৰ বিষয়ে উত্থাপন কৰিব। তালিগাঞ্জৰ ভূপেন হাজৰিকাদেৱৰ বাসগৃহ সংৰক্ষণ তথা মধুপুৰ সত্ৰক বৈষ্ণৱী কেন্দ্ৰলৈ পৰিবৰ্তন কৰাৰ প্ৰসংগতো ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্রুতি দিছো। আগতে তৃণমূল কংগ্রেছ মা-মাটি-মানুহৰ দল আছিল আৰু এতিয়া তৃণমূল কংগ্রেছ মা-মাটি-মানুহৰ সৈতে সমন্বয়ৰে কাম কৰি যাব।’