ৰভা হাছঙত কংগ্ৰেছৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ছয়ানী ব্লক কংগ্ৰেছৰ ভিতৰুৱা গাঁও কৰাপাৰাত ৰাভা হাছং স্বায়ত্ব পৰিষদ সমন্বয় সমিতিৰ আহ্বানত আজি অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত সভাপতিত্ব কৰে প্ৰাক্তন মন্ত্ৰী প্ৰনয় ৰাভাই। সভাত বিশেষভাৱে অংশ গ্ৰহণ কৰে দলৰ জেষ্ঠ্যনতা প্ৰাক্তন সাংসদ বলিন কুলি, এ পি চি চিৰ উপ-সভাপতি মেহদী আলম বৰা, জনজাতীয় নেতা ৰঞ্জন ৰাভা, উমা কান্ত ৰাভা, দিনেশ ৰাভা ,মুকুল ৰাভা,বালিৰাম বড়ো, ভোগলাল ৰাভা, শ্ৰীনাথ ৰাভা,তৰণি হাজোৱাৰিয়ে অংশ গ্ৰহণ কৰে। সভাত আগন্তুক ৰাভা হাছঙৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ৰণকৌশল সম্পৰ্কত সবিশেষ আলোচনা কৰা হয়। সভাত অঞ্চলটোৰ ৰাইজৰ লগতে জনজাতীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰে।