ৰজাৰ পথাৰত সৰিয়হ ফুল
ছেলিম বেগম,নগাঁও
ৰজাৰ পথাৰত ফুলিলে সৰিয়হ ফুল ,
সৰিয়হ ফুলৰ গোন্ধ পাই
ৰাজকুমাৰী হৈছে মুগ্ধ।
ৰ লাগি চাই ৰাজকুমাৰী
দেখে চাৰিওফালে কেৱল
হালধীয়া ৰঙৰ ৰং সানি
বহি আছে পথাৰত ৰাজকুমাৰ
ৰাজাৰ জীয়ৰীৰ
কল্পনাৰ ৰাজ্যত
উফ্ঃ কি যেন মনোমুগ্ধকৰ সৰিয়হ ফুল!
ফুলবোৰ হালধীয়া ৰঙৰ
মেলা বহুৱাই নৃত্য কৰি আছে
মৃদু বতাহৰ তালে তালে!
মৌ মাখি উৰি ফুৰে
এটাৰ পৰা আন এটা ফুললৈ।
গুণ গুণ গানে ৰাজকুমাৰী
ইফালে সিফালে দৌৰি
সৰিয়হ ফুল তোলে
মনে সজা ৰাজকোঁৱৰ বাবে।
বালিচৰত ৰজাৰ জীয়ৰী
পাতিব ৰাজ সিংহাসন
পতি বছৰে বছৰে কৰিব
খেতি সৰিয়হৰ ।
মুগ্ধ হৈ থাকিব সৰিয়হ
ফুলৰ সৌন্দৰ্য্যত
আঃ কি যেন মিঠা মিঠা
গোন্ধ সৰিয়হ ফুলৰ!
নিজ হাতেৰে তৈয়াৰ কৰিব
শুদ্ধ মিঠাতেল ৰাজকুমাৰী।