ৰজনীগন্ধা
ছেলিমা বেগম, নগাঁও
হৃদয়ৰ আঁৰত ফুলিলে এপাহ ৰজনীগন্ধা,
আহিবা নে তুমি সেই ফুলৰ সুঘ্ৰাণ বিচাৰি ?
তুমি মোৰ মন মন্দিৰৰ এপাহ ৰজনীগন্ধা
পুৱাৰ পৰা আবেলি লৈ দেখা দিবা
হৃদয়ৰ আঁৰত লুকাই আছে কেঁচা মৰম।
সাঁচি থৈছোঁ ৰঙীন ৰুমালত বান্ধি
তোমাৰ নামত লিপিবদ্ধ কৰি ৰাখিছোঁ
তুমি আহিলে সেই ফুলৰ মালা গাঁঠি
পিন্ধাই দিম তোমাৰ খোপাত
আহঃ ! কিমান যেন ধুনীয়া দেখিবলৈ পাম
তুমি মোৰ এপাহি ৰজনীগন্ধা!