ৰঙৰ উৎসৱ ফাকুৱাত বিনীতা দেৱীৰ পুতলা নাট “বিষ্ণু ৰাভা” 

ৰঙৰ উৎসৱ ফাকুৱাত বিনীতা দেৱীৰ পুতলা নাট “বিষ্ণু ৰাভা” 

ৰঙিলী বাৰ্ত্তাসেৱা- বামুণীমৈদামৰ শ্ৰীশ্ৰী গোপাল গোঁসাই নামঘৰত দুদিনীয়া কাৰ্য্যসূচীৰে ৭ আৰু ৮ মাৰ্চ তাৰিখে ৰঙৰ উৎসৱ ফাকুৱা মহোৎসৱ চলি আছে । ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি আজি সাংস্কৃতিক সন্ধিয়াত সুৰজিৎ একাডেমীয়ে এন চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “বিষ্ণু ৰাভা” পৰিৱেশিত হয়। পুতলা নাট “বিষ্ণু ৰাভা” ৰচনা সীমান্ত শৰ্মাৰ। পুতলা নাট খনৰ পুতলা সমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, পলক কৈৰী, সীমান্ত শৰ্মা, নিহাৰিকা দাস, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা আৰু গণেশ বড়ো। পুতলা নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ । “বিষ্ণু ৰাভা” নাট খনৰ সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ । নাটখনে ৰঙৰ উৎসৱত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰে। নাট খনৰ নৃত্য আৰু অভিনয় মানৱৰ জৰিয়তে কৰা যেন অনুভৱ হৈছিল। পুতলাৰ জৰিয়তে নাটৰ প্ৰতিটো দৃশ্য সুন্দৰভাৱে সঞ্চালন কৰিছে। বিষ্ণু প্ৰসাদ ৰাভাৰ সঙ্গীতৰ জৰিয়তে জনসাধাৰণক কি দৰে স্বাধীনতা আন্দোলনত জপিয়াই পৰিবলৈ উদ্ভূত কৰিছিল সেইবিষয় নাট খনত সুন্দৰভাৱে দেখুওৱা হৈছে আৰু সেই দৃশ্য সমূহ সুন্দৰভাৱে পুতলাৰ জৰিয়তে প্ৰতিফলিত কৰিছে। এইক্ষেত্ৰত পৰিচালকৰ প্ৰশংসাৰ যোগ্য। পুতলা নাটকৰ সফল মঞ্চায়নে ৰঙৰ উৎসৱ ফাকুৱাত সাধাৰণ নাট্যৰসিকৰ লগতে ৰঙৰ উৎসৱৰ উপস্থিত থকা জনগণ মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ ইতিমধ্যে এই নাট খন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহৰ জৰিয়তে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে । তেওঁৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। বিনীতা দেৱীৰ এই যাত্ৰা অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা পুতলা নাট জনগণে পাওঁক আৰু অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো ।