ৰঙিয়াৰ তৰণীত শোকাৱহ পথ দুর্ঘটনা

ৰঙিয়াৰ তৰণীত শোকাৱহ পথ দুর্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়াৰ তৰণীত শোকাৱহ ঘটনা। তৰণীৰ ৰাস মহোৎসৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। তৰণী-বিছেন্নালা পথত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা। দুৰ্ঘটনাত নিহত হয় এগৰাকী ১০ বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ নাম ৰিম্পী কলিতা। গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকীৰ মাতৃ কবিতা কলিতা। তিনিগৰাকী যুৱকে বাইকেৰে আহি মাৰিছিল প্রচণ্ড খুন্দাত। খুন্দাত ঢলি পৰিছিল মাতৃসহ কন্যা, চিকিৎসালয়লৈ নিয়াৰ পথতেই প্রাণ গৈছিল কন্যা ৰিম্পী কলিতাৰ।দুৰ্ঘটনা সংঘটিত কৰা Yamaha FZ মটৰচাইকেল খনৰ নং A-14Q-4194। সুৰাপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলাই অহাৰ বাবেই হৈছে এই দুৰ্ঘটনাৰ কাৰণ বুলি জানিব পৰা গৈছে। যুৱক তিনিগৰাকীৰ দুজন নলবাৰী জিলাৰ, এজন ৰঙিয়াৰ সীতাৰাৰ।দেওবাৰে নিশা ২ মান বজাত ৰাস চাই ওভতাৰ পথত সংঘটিত হৈছে এই দুর্ঘটনা। সম্প্রতি কিশোৰীগৰাকীৰ মৃতদেহ ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে।দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ৰঙিয়াতে শোকৰ ছাঁ পৰিছে।