ৰঙা সেন্দুৰৰ ফোঁট – ধনদ্বীপ কুমাৰ

ৰঙা সেন্দুৰৰ ফোঁট
ধনদ্বীপ কুমাৰ
কিমানযে আশা লৈ আহিছিলোঁ
নিজৰ ঘৰখন  ত্যাগ কৰি
আনৰ ঘৰ এখন আপোন কৰিম বুলি,
আৰু সেইদিনাই লৈছিলোঁ
ৰঙা সেন্দূৰৰ ফোঁট।
ৰঙা সেন্দূৰৰ ফোঁট লৈ
ভাবিছিলোঁ জীৱনটো ৰঙীন হৈ
স্বামীৰ লগত  উৰেটো জীৱন
সুখে দুখে থাকিম।
সকলো থাকিও আজি মই ৰংবিহীন
মোৰ ৰঙীন ফুটতো
বিধতাই বেছি দিনলৈ নিদিলে,
আজি হৈ পৰিছোঁ সমাজৰ
আগত এজনী বিধবা নাৰী।
যাক দেখিলে উঠি অহা ডেকাই
আজি বেয়া চকুৰে চোৱা আৰম্ভ কৰিছে!
ৰঙা সেন্দূৰৰ দাম তেতিয়া বুজিছোঁ
যেতিয়া ৰঙা সেন্দূৰৰ ফোঁট
কপালৰ পৰা নোহোৱা হৈছিল…
যেতিয়া কপালৰ ফোঁটতো নেদেখি
মানুহে মোক দূৰৰ পৰা বিধবা বুলি জানিছিল।
ৰঙা সেন্দূৰৰ ফোঁটতো
থকালৈকে মোৰ সকলো সাহস
মোৰ লগত আছিল…
যাৰ বাবে শহুৰৰ ঘৰৰ লখিমী
বোৱাৰী নাম পাইছিলোঁ
আৰু আজি সেই  ৰঙা সেন্দূৰৰ ফোঁট
মচি যোৱাৰ এমাহ নহওঁতেই
লখিমী বোৱাৰী এজনী বিধবা কুলক্ষণী
নামলৈ জীয়াই থাকিব লগীয়া হল।
ৰঙা সেন্দূৰৰ ফোঁট
সকলো নাৰীৰ বাবেই আপোন,
সেন্দূৰৰ ফোঁটেই নাৰীৰ সাহসৰ প্ৰতীক।