ৰক্ত গোলাপ- ৰশ্মি ৰেখা দুৱৰা

Pc- pexels

ৰক্ত গোলাপ

ৰশ্মি ৰেখা দুৱৰা

তোমাৰ পদূলিত শোভাবৰ্দ্ধন কৰা
কুসুমবুলীয়া প্ৰিয় ৰক্ত গোলাপ জোপাই
প্ৰতিদিনে প্ৰতিপলে হাত বাউলি ৰিঙিয়াই মাতে।

কাঁইটৰ মাজতেই তুমি অনন্য গোলাপী সখী
তোমাৰ মোহিনী ৰূপত এই ধৰণীত
বলিয়া আজি সকলো মানৱলোক।

তুমি প্ৰেমৰ ৰাণী
লুকাই আছে তোমাৰ আঁৰতে হাজাৰ কাহিনী
হৃদয়ত সংপৃক্ত কৰি হাজাৰ ৰক্ত গোলাপ
ফুলাবলৈ আজি নিৰবধি।

আকাঙ্ক্ষিত মনৰ আধৰুৱা কাহিনীক
পূৰ্ণতা প্ৰাপ্তিলৈ
মৃদু সুৰৰ ঝংকাৰৰ ৰৌদ্ৰোজ্জ্বল পোৱাত
গোলাপী সখী অন্যতম ৰূপৱতী।

বিচাৰোঁ তোমাক হৃদয়ৰ নিভৃত কোণত
ফুলাব বিচাৰোঁ হাজাৰ ৰক্ত গোলাপ
জনম-জনমৰ অন্তিম ক্ষণলৈ।