ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ

ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- উপ-নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে চামগুৰিৰ পূব-শালপাৰাত নিৰ্বাচনী হিংসা। ভোটদান চলি থকা সময়ত লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ কনভয়ত অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰে। ঘটনাৰ সময়ত কৰ্তব্যত থকা এগৰাকী সাংবাদিকৰ বাহনকো ভাঙি পেলোৱা হয়। ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল’গান একাংশৰ।এই কাণ্ডৰ ফলত আৰক্ষীয়ে সঁহাৰি জনায়, আৰু অঞ্চলটোৰ নিৰাপত্তা বৃদ্ধি কৰা হয়। অসমৰ চামগুৰিকে ধৰি পাঁচটা সমষ্টিত ভোটগ্ৰহণ চলি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। এই আসনসমূহৰ ভিতৰত বিজেপি, অগপ, ইউ পি পি এল, কংগ্ৰেছৰ আসনসমূহো আছে।বিশেষকৈ চামগুৰি আসনত বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে উত্তেজনা আৰু হিংসাত্মক পৰিস্থিতি। শেহতীয়াকৈ নিৰ্বাচনৰ পূৰ্বে হোৱা হিংসাত্মক ঘটনাত বিজেপিৰ পদযাত্ৰাত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে গুলীচালনা কৰি তিনিজন লোক আহত হয়।