ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ

ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুর্বৃত্তৰ আক্ৰমণ।  গুণাবাৰীৰ পুঠিখাইতীত অনুষ্ঠিতব্য এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনৰ ওপৰত ৰূপহীহাট থানাৰ অন্তৰ্গত নতুন বজাৰৰ ৰাজপথত দুর্বৃত্তৰ দলে আক্রমণ চলায়। তিনিখন মটৰ চাইকেলেৰে পুত্ৰ তাঞ্জিল হুছেইন, দুজন দেহৰক্ষী আৰু আন এজন লোকৰ সৈতে দিনৰ প্ৰায় ২ বজাত নতুন বজাৰত উপস্থিত হওঁতে মুখত ক’লা কাপোৰ বান্ধি অহা ২০-৩০জনীয়া দুর্বৃত্তৰ দলটোৱে সাংসদ ৰকিবুল হুছেইনক ক’লা পতাকা প্রদর্শন কৰি গ’ বেক ধ্বনি দিয়ে। ইয়াতে ক্ষান্ত নাথাকি আক্রমণকাৰী দলটোৱে সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰিবলৈ ধৰে। ইয়াৰ মাজতে স্কুটিৰ পৰা বাগৰিও পৰে সাংসগৰাকী । দুর্বৃত্তৰ দলটোৰ হাতে হাতে আছিল ক্রিকেট বেট, লাঠী। আক্ৰমণৰ পৰা সাৰি নগ’ল সাংসদ ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষীও। সাংসদ ৰকিবুল হুছেইনক সুৰক্ষা দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল যদিও দুর্বৃত্তৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লয় নিৰাপত্তাৰক্ষীকো। ঘটনাক কেন্দ্ৰ কৰি লাওখোৱা-নলতলী ৰাজ্যিক ঘাইপথত তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে সাংসদজনৰ নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত দীর্ঘসময় ধৰি উত্তেজনাই বিৰাজ কৰে। ঘটনা ইমানেই ভয়ংকৰ হৈ উঠে যে ওচৰৰ সভাস্থলীৰ পৰা কংগ্ৰেছ কৰ্মী আহি দুচকীয়া বাহনেৰে পুত্রসহ সাংসদ ৰকিবুল হুছেইনক উদ্ধাৰ কৰি লৈ যায়। ইফালে ইয়াৰ পিছতে পুঠিখাইতীত অনুষ্ঠিত সভাত উপস্থিত হৈ সাংসদজনে এই ঘটনাক লৈ আক্রমণাত্মক হৈ উঠে। সাংবাদিকৰ আগত তেওঁ ক্ষোভ উজাৰি কয় যে এনে ঘটনাৰ উমান পাই নগাঁও জিলা আৰক্ষী অধীক্ষক আৰু ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা নল’লে। ইয়াৰ বাবে আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে নিলম্বিত কৰক, স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বিত কৰক। তদুপৰি সাংসদগৰাকীয়ে চোৰাংচোৱা সম্পূৰ্ণৰূপে ব্যর্থ হোৱাৰ অভিযোগ তোলে। সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয় যে এই ঘটনাত কোন কোন জড়িত হৈ আছে সেয়া সকলোৱে জানে। এজন সমবায় সমিতিৰ সভাপতি, ডকাইত, হত্যাকাৰী আদি ঘটনাত জড়িত।