ৰংদৈৰ ভগনীয়া গাঁৱৰ উদ্যোগী কৃষক বিশ্বজিৎ বৰালৈ অসম গৌৰব

ৰংদৈৰ ভগনীয়া গাঁৱৰ উদ্যোগী কৃষক বিশ্বজিৎ বৰালৈ অসম গৌৰব

বাহনাত প্ৰথম মুৰা ম’হৰ প্ৰকল্প আৰু ড্ৰেগন ফ্রুইটৰ কৃষিপাম জৰিয়তে স্বাৱলম্বী যুৱক

জিতু কলিতা,যোৰহাট,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাট জিলাৰ বাহনা কৃষি চক্ৰৰ অধীনৰ ৰংদৈ কৃষি এলেকাৰ ভগনীয়া গাঁৱৰ উদ্যোগী যুকলৈ অসম গৌৰব সন্মান প্ৰদান কৰে অসম চৰকাৰে৷ কৃষক বিশ্বজিৎ বৰা কৃষিপাম আৰু দুগ্ধ উন্নয়ন প্ৰকল্পই অসমত অন্য এক স্বাৱলম্বী হোৱা পথ পৰ্দশক হিচাপে শেহতীয়াকৈ চেহ্নিত হৈ পৰিছে৷উদ্যোগী কৃষক বিশ্বজিৎ বৰাই ড্ৰেগন ফুইটৰ কৃষি পাম কেইবা বছৰো ধৰি কৰি আহিছে আৰু ব্যৱসায়িকভাবে কৃষক গৰাকীয়ে সাফল্য অর্জন কৰিছে। উল্লেখ্য যে ড্রেগন ফুইটৰ পুলি প্রদান স্থানীয় লোক সকলক কৃষি কৰিবলৈ সুবিধা কৰি দিছে।ইয়াৰ উপৰি কৃষকগৰাকী ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতো জড়িত। তেওঁৰ কৃষি পামত ইনচুলিন প্লান্ট, গিলয়, শতমূল, আদাৰ বিভিন্ন সততে প্রাপ্ত নোহোৱা প্ৰজাতি বিশেষকৈ ক’লা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকোৰা, মচলাজাতীয় উদ্ভিদ, ভেনিলা ইত্যাদি উৎপাদিত হয়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো ৰঙা বাওধানৰ চাউল ৰণ্টানি কৰি আহিছে। মীন পালনৰ লগতে কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্রজাতিৰ মুৰা ম’হ প্ৰজাতি ২০০৭ চনৰ পৰা পালন কৰিছে অধিক সবল হৈ আহিছে। সেই প্ৰসংগত কৃষকগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ ম’হৰ প্ৰজাতিটো অসমৰ জলবায়ুৰ লগত মিলি পৰিছে কাৰণ মুৰা ম’হ কেৱল শুকান মাটিত হে ৰাখে যদিও আমাৰ ইয়াত দ বাম সকলোতে সহবাস কৰিব পৰা হৈ পৰিছে৷ আৰু ভৱিষ্যতে ম’হৰ প্ৰজাতিটোক ব্যৱসায়িক ভিত্তিত পালনৰ পৰিকল্পনাও কৰিছে। আজি বাহনা ৰংদৈ অঞ্চলতোলৈ অসম চৰকাৰে যি উৎসাহ জনক সন্মান অসম গৌৰব যুৱ কৃষক বিশ্বজিত বৰালৈ প্ৰদান কৰিলে তাকলৈ অঞ্চলত বাসিৰ লগতে যোৰহাট বাসী গৌৰাৱাম্বিত হৈ পৰিছে৷