৮৭ সংখ্যক জন্মদিনত প্ৰবীণ ক্ৰীড়াবিদ বানেশ্বৰ দাসৰ অভিনন্দন গ্ৰন্থ উন্মোচন

৮৭ সংখ্যক জন্মদিনত প্ৰবীণ ক্ৰীড়াবিদ বানেশ্বৰ দাসৰ অভিনন্দন গ্ৰন্থ উন্মোচন

পিতৃ – মাতৃক জীয়াই থাকোতেই সন্তানে সন্মান জনোৱা উচিতঃ মৃণালিনী দেৱী

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  ‘পিতৃ – মাতৃয়েই সন্তানৰ বাবে ভগৱান হোৱা উচিত। জীয়াই থকা অৱস্থাতে পিতৃ – মাতৃক যথোচিত সন্মান প্রদান কৰা, সেৱা শুশ্ৰূষা কৰা উচিত। যি সন্তানে পিতৃ – মাতৃ জীয়াই থাকোতেই সেৱা শুশ্ৰূষা নকৰি মৃত্যুৰ পিছত হাজাৰ হাজাৰ মানুহ মাতি ভোজ ভাত খুৱাই তেনে সন্তান আমাৰ কাম্য নহয়।’ এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম শাখাৰ সভাপতি মৃণালিনী দেৱীৰ। ১ ডিচেম্বৰত মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰেক্ষাগৃহত হোৱা গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত প্ৰবীণ খেলুৱৈ, সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক বানেশ্বৰ দাসৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি তেওঁ এইদৰে কয়। মঙলদৈ মিডিয়া চাৰ্কোল আৰু মঙলদৈ টাউন ক্লাবৰ উদ্যোগত হোৱা এই সভাত মৃণালিনী দেৱীয়ে লগতে কয়, আজি বানেশ্বৰ দাস অতি ভাগ্যৱান লোক। কিয়নো তেওঁৰ পুত্ৰ – কন্যা সমন্বিতে পৰিয়ালে তেওঁৰ ৮৭ সংখ্যক জন্মদিনত উপহাৰ দিলে এখন ২০০ পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থ। এই গ্ৰন্থখনে বানেশ্বৰ দাসৰ কৰ্মৰাজি উদ্ভাসিত কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয়, এনে উপহাৰে পিতৃ মাতৃক গৰ্বিত কৰে। জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে আঁত ধৰা আৰু বিধায়ক বসন্ত দাসে আদৰণি ভাষণ প্ৰদান কৰা এই সভাত সাহিত্যিক ফুলেন্দ্ৰ নাথ চহৰীয়া, সু চিকিৎসক ডাঃ জয়কান্ত চহৰীয়া, সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আদিয়ে ভাষণ প্ৰদান কৰে। ধৃতিস্মিতা দাসে গীত পৰিবেশন কৰা এই সভাত বানেশ্বৰ দাসৰ ৮৭ সংখ্যক জন্মদিন উপলক্ষে মঙলদৈ টাউন ক্লাবৰ সভাপতি অনিল শৰ্মা, এচ আৰ ডি গ্ৰুপ, মঙলদৈ বণিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকা, য়ুথ ক্লাবৰ ৰাজীৱ কুমাৰ ডেকা, নাট্যকাৰ হেমন্ত দত্ত, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি, অধ্যক্ষ ড° কমলাকান্ত বৰা, মানুহে মানুহৰ বাবে—, দৰং, অসম, প্ৰবীণ ক্ৰীড়াবিদ নগেন চৌধুৰী, বীৰেণ মেধি, প্ৰাক্তন বিধায়ক হিৰেণ কুমাৰ দাস, মঙলদৈ সনাতন ধৰ্মসভা, জীপচী গিল্ড, নৰ্থ মঙলদৈ ক্লাব, দৰং জিলা টাইকোৱানডু সন্থা, অভিনেতা নীল চহৰীয়া, মহিলা নেত্ৰী শীলা চহৰীয়া, অনিতা ৰাজবংশী, দৰং জিলা নাট্য সন্মিলন, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, খেলুৱৈ ৰীণা বৰুৱা, লেখিকা সমাৰোহ, অভিনেতা স্বপন কুমাৰ ঘোষ, বিজেপি নেতা মানস কুমাৰ বৰুৱা, জিণ্টু বৰুৱা, দৰং মহাবিদ্যালয়ৰ অধ্যাপক ড° মুকুল শইকীয়া, গ্লৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালক মিজান নুৰ ৰহমান, চিৰ সেউজী সংঘ, হৰমুজ আলীকে ধৰি অৰ্ধ শতাধিক দল সংগঠন, ব্যক্তিয়ে তেওঁক ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে সম্ভাষণ জ্ঞাপন কৰে।