‘৭১ৰ পক্ষত শপৎনামা দিছিল কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে; প্ৰতিশ্ৰুতি অনুসৰি বহিষ্কাৰ কৰা নাই বিদেশী: অনিচ্চাকৃতভাৱেহে ‘৮৫ত অসমীয়াই স্বীকাৰ কৰিছিল ‘৭১

‘৭১ৰ পক্ষত শপৎনামা দিছিল কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে; প্ৰতিশ্ৰুতি অনুসৰি বহিষ্কাৰ কৰা নাই বিদেশী: অনিচ্চাকৃতভাৱেহে ‘৮৫ত অসমীয়াই স্বীকাৰ কৰিছিল ‘৭১
উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই
সংবাদ মেলত জাতীয় পৰিষদৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-   নাগৰিকত্ব আইনৰ ৬ক ধাৰাক সাংবিধানিকভাৱে বৈধ বুলি কালি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেতিবাচক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। আজি এক সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকাই কয় যে অসমৰ জনসাধাৰণে নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ হোৱাটো অন্তৰেৰে সমৰ্থন নকৰে যদিও তাৰ কোনো বিকল্প নথকাত উপাহবিহীন হৈহে ১৯৭১ক গ্ৰহণ কৰিবলগীয়া হৈছে। এই কথা ভাৰতৰ উচ্চতম ন্যায়ালয়েও উপলবদ্ধি কৰিছে। ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকীৰে আদালতত দাখিল কৰা শপৎনামাত ১৯৭১ৰ পক্ষত যুক্তি দিছে। আদালতে ৰায় দিওঁতে চৰকাৰী শপৎনামাক আধাৰ হিচাপে গ্ৰহণ কৰিছে। এনে অৱস্থাত আদালতৰ স্থিতিৰ বিপৰীতে গৈ ১৯৫১ৰ কথা কোৱাটো বিভ্ৰান্তিকৰ আৰু দুমুখীয়া কাৰ্য্য। জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ভূঞাই কয়, “ৰাজ্যৰ একাংশ নাগৰিকে ভিত্তি বৰ্ষ ১৯৫১ হোৱা উচিত আছিল বুলি কৈ আছে। সন্দেহ নাই যে এই সকলৰ বহুতেই অতি সততাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থত এই প্ৰশ্ন কৰিছে। কিন্তু ইয়াৰ বিপৰীতে কিছু মতলবি ৰাজনৈতিক নেতা আৰু দলে ৰাজনৈতিক অভিসন্ধি পূৰণ কৰিবৰ বাবে সঁচা কথাটো কৈ নিদি জনগণৰ আৱেগৰ সুযোগ লৈ ৰাইজক বিপথে পৰিচালিত কৰাৰ ৰাজনীতি কৰি আছে।”কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়়োৱা এটা বক্তব্যৰ উদ্ধৃতি দি ভূঞাই কয়, “হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁ ‘৭১-ৰ সদায় বিৰোধ কৰি আছে, ‘৫১ হ’ব লাগে। কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ভাৱে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে ১৯৭১ হ’ব লাগে বুলি। এয়া দ্বিচাৰিতা। মুখেৰে কৈছে ‘৫১ বুলি, কিন্তু আদালতৰ শপৎনামাত কৈছে ‘৭১ বুলি। যদি ‘৫১কে সমৰ্থন কৰে, তেনেহ’লে চৰকাৰে আদালতত দিয়া শপৎনামাতো ‘৫১ বুলিয়ে কব লাগিছিল।” ভূঞাই কয়, “সঁচা কথাটো হ’ল, বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ কৰাটো সম্ভৱ নাছিল। এই কথা উচ্চতম ন্যায়ালয়ে সঠিকভাৱে বুজি পাইছে। সেই কাৰণেই ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে ১৯৭১ৰ পক্ষত আদালতত শপৎনামা দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ে ‘৭১ৰ পক্ষত ৰায় দিওঁতে চৰকাৰৰ শপৎনামাক আধাৰ হিচাপে লৈছে। এইটো আগতেই স্পষ্ট হৈছে যে হিমন্ত বিশ্ব শৰ্মা আৰু মোদীৰ চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰত ক্ষমতাত থকাৰ পিছতো ‘৫১ চন দূৰৈৰ কথা, ‘৭১ চনৰ পিছৰ বিদেশীসকলৰ এজনকো খেদিবও পৰা নাই বা খেদিবলৈ আগ্ৰহো কৰা নাই; কেৱল আৰু কেৱল ভিত্তিবৰ্ষৰ নামত ৰাজনীতি কৰি আছে। এই সকলে মুখেৰে কয় এটা আৰু কামেৰে কৰে অন্য এটা। কথাটো দুমুখীয়া আৰু ভণ্ডামী নহয়।” ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে অসমীয়াই আনন্দেৰে গ্ৰহণ কৰা নাছিল বুলি উল্লেখ কৰি ভূঞাই কয়, “এই সিদ্ধান্ত ইচ্ছাৰ বিপৰীতে গ্ৰহণ কৰিব লগা হৈছিল আমাৰ দেশৰ বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় চুক্তি আৰু দেশৰ বৈদেশিক নীতিৰ বাবে। ১৯৭১ চনত গঠন হোৱা বাংলাদেশ তাৰ পূৰ্বে পাকিস্তান আছিল। আমি এতিয়া কৈ থকা অবৈধ বাংলাদেশী শব্দটো কেৱল ১৯৭১ চনৰ পিছতহে প্ৰযোজ্য, তাৰ পূৰ্বলৈ যাব লগা হলে সেয়া পাকিস্তানী বুলিহে কব লাগিব।

আমাৰ দেশৰ সৈতে থকা বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় চুক্তি আৰু বৈদেশিক নীতিৰ বাবেহে এইটো হৈছিল, কোনেও ইচ্ছা কৰি বা ভাল পাই কৰা নাছিল। আৰু সেই বাবেই উচ্চতম ন্যায়ালয়ত মোদীৰ কেন্দ্ৰীয় চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে ১৯৭১ চন ভিত্তিবৰ্ষ হ’ব লাগে বুলিহে শপতনামা দিছিল। এই সত্য সকলোৱে জানে। কিন্তু ভিত্তিবৰ্ষৰ নামত কেৱল ৰাজনীতি কৰি আছে।”২০ বছৰৰ অবৈধ নাগৰিকৰ বোজা গ্ৰহণেৰে ১৯৭১ মানি লোৱাৰ বিনিময় হিচাপে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ অধীনত অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা কৰিছিল বুলি উল্লেখ কৰি ভূঞাই কয়, “এতিয়া প্ৰধান কাম হ’ল, ১৯৭১ ৰ পিছৰ বিদেশী খিনি চিনাক্ত কৰি সেই সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি অসমীয়া মানুহক ৰাজনৈতিক ভাবে সুৰক্ষিত কৰা। তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় কুটনৈতিক কৌশলৰে সেই সকলক বিতাড়ন কৰা বা সেই সকলৰ বোজা সমগ্ৰ দেশত ভগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।. ১৯৭১ চন আমাৰ দেশৰ এক ঐতিহাসিক বাধ্যবাধকতা, অসম কেৱল ভুক্তভোগীহে।

এতিয়া কেৱল সাংবিধানিক ৰক্ষা কৱচহে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ উপায় আৰু এই সাংবিধানিক ৰক্ষা কৱচ অসমে কেৱল ১৯৭১ চন মানি লোৱাৰ বাবেহে পাইছে, যদিও কাৰ্যকৰী হোৱা নাই। বিদেশী যদি খেদিবই নোৱাৰো, কেৱল ভিত্তিবৰ্ষ ইফাল সিফাল কৰি থাকিলে অসমীয়াৰ অস্তিত্ব ৰক্ষা নপৰে। কাৰণ অসমৰ জনগাঁথনি দ্ৰুতগতিত সলনি হৈ আহিছে।”এনে প্ৰেক্ষাপটত এতিয়া নিন্মোক্ত ব্যৱস্থাখিনি গ্ৰহণ কৰাটো সময়ৰ আহ্বান বুলি কয় ভূঞাই। তেওঁৰ মতে, এতিয়া ১) অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত পৌৰসভা-পঞ্চায়তৰ পৰা বিধানসভা-লোকসভালৈ ৮০% আসন কেৱল অসমীয়াৰ বাবে সংৰক্ষণ হোৱাটো নিশ্চিত হ’ব লাগে। ২) অসমত থকা কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় চাকৰি সমূহৰ লগতে ৰাজ্য চৰকাৰৰ ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ চাকৰি সমূহত ৮০% অসমৰ নিবনুৱাৰ বাবে সংৰক্ষিত হোৱাটো নিশ্চিত হ’ব লাগে।. ৩) অসমত অসমীয়া ভাষা সাংবিধানিক ভাৱে সৰ্বকালৰ বাবে সুৰক্ষিত হ’ব লাগে। ৪) অসমৰ পথাৰ সমূহ অসমৰ কৃষকৰ বাবে সুৰক্ষিত হৈ থাকিব লাগে। কৃষিভূমি অনা কৃষি কাৰ্যলৈ ৰূপান্তৰ কৰাটো বন্ধ হ’ব লাগে । ৫) অসমৰ সম্পদৰ ওপৰত অসমৰ স্থায়ী বাসিন্দাৰ অধিকাৰ প্ৰতিষ্ঠা হ’ব লাগে।

অসম চুক্তিৰ ৬ নং দফাৰ অধীনত এই কাম সমূহ অতি শীঘ্ৰেই কৰিব লাগে, জাতিৰ অস্তিত্বৰ বাবে এইখিনিহে মূল কথা বুলি উল্লেখ কৰি ভূঞাই কয় যে ভূঞাই কয়, “১৯৫১ চন নোহোৱাৰ বেদনা মনৰ মাজত জীয়াই ৰাখি ১৯৭১ চনৰ পিছৰখিনিকেই খেদাৰ ব্যৱস্থা লব পাৰিলেহে বিদেশী সমস্যা সমাধানৰ দিশত এটা ইতিবাচক পদক্ষেপ হব। আৰু যদি প্ৰকৃততে বিদেশী নেখেদেই, তেন্তে কেৱল কাগজৰ পাতত ‘৫১ বা ‘৭১ ৰ যুঁজখন কৰি অসমীয়াৰ কি লাভ হ’ব ? অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ একমাত্ৰ পথ।”বিষয়টোক লৈ ইমান দিনে আইনী যুঁজ চলোৱাৰ বাবেসমূল গোচৰীয়া মতিউৰ ৰহমান আৰু অধিবক্তা কমল নয়ন চৌধুৰী সহ এই প্ৰসংগত আদালতত জাতিৰ হৈ যুঁজ দিয়া সকলোকে হৃদয়ৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনায় ভূঞাই। তেওঁ কয়, “তেখেতসকলে কৰি থকা এই সাংবিধানিক যুঁজখনৰ বাবেই অসমৰ প্ৰতি কৰা বৈষম্য পুনৰবাৰ প্ৰতিষ্ঠা হ’ল আৰু এই ভিত্তিবৰ্ষক নায্যতা দিয়াৰ বাবেই অসমত “CAA”ৰ প্ৰয়োগ নোহোৱাৰ পথ বহু পৰিমাণে মুকলি হ’ল। লগতে অসম চুক্তি ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বাধ্যবধকতা বৃদ্ধি হ’ল আৰু সেইবাবেই এই যুঁজ চলাই থকা মতিউৰ ৰহমান ডাঙৰীয়া আৰু কমল নয়ন চৌধুৰীৰ লগতে অন্যান্যসকলে জাতিৰ বাবে বহুত ডাঙৰ কাম এটা কৰি থৈ গ’ল।” জাতীয় পৰিষদৰ উপদেষ্ট৷ বসন্ত ডেকাই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানে কেৱল অসম চুক্তিকেই ন্যায্যতা দিয়া নাই; লগতে অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ ভয়াবহতাৰ গভীৰতাও স্বীকাৰ কৰি লৈছে। তদুপৰি বিদেশী বিতাৰণৰ প্ৰক্ৰিয়াও অহৰহ পৰ্যবেক্ষণ কৰা আৰু বিশেষ বিচাৰপীঠ গঠনৰ কথাও ঘোষণা কৰিছে।

এই ৰায়দানে ৪০ বছৰে গেঠেলা মাৰি থকা অসম চুক্তিৰ ৰূপায়নৰ পথ তৰাম্বিত কৰিব বুলি আশা কৰিব পাৰি।”অসমত যদি জাতিৰ প্ৰতি ন্যূনতম দায়বদ্ধতা থকা এখন চৰকাৰ বা জাতিক ভালপোৱা এজন মুখ্যমন্ত্ৰী শাসনত থাকিলহেতেন, তেনেহ’লে অসম চুক্তি ৰূপায়ন কৰি অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱাব পাৰিলহেতেন।” – ডেকাই কয়।

মুখ্য উপদেষ্টা ডেকাই লগতে কয় যে অসম আন্দোলনৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰক অসমৰ বিদেশী সমস্যাৰ বিষয়েলঅৱগত কৰি লিখা স্মাৰকপত্ৰসমূহত ১৯৫১ চনৰ নাগৰিকপঞ্জী উন্নীতকৰণৰ কথা কোৱা হৈছিল। ১৯৫১ চনক ন্যায্যতা দিয়া হৈছিল। দ্বিতীয়তে, কালিৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে ১৯৭১ৰ ভিত্তি তাৰিখৰ পিছত অবৈধভাৱে অহা সকলোকে অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ তেনে সকলোকে বহিষ্কাৰ কৰিব লাগিব বুলি কৈছে। তাৰ মানে ন্যায়ালয়ে বিদেশীক ধৰ্মৰ ভিত্তিত বিভাজন কৰিব নোৱাৰিব। তৃতীয়তে ন্যায়ালয়ে অসম চুক্তিৰ ৫নং আৰু ৬নং দফা দুয়োটাকে সমানে গুৰুত্ব দিছে। ৫নং দফা অনুসৰি বিদেশী বহিষ্কৰণ আৰু ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ। গতিকে এতিয়া বিদেশী বহিষ্কৰণ আৰু সাংবিধানিক ৰক্ষাকৱচৰ সমান্তৰলকৈ কা’ বাতিল কৰিব লাগিব। চতুৰ্থতে, এই কামবোৰ কোনো এজেন্সি অৰ্থাৎ চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰিব বুলি ন্যায়ালয়ে কৈছে। তাৰ মানে কৰিবই লাগিব।